Deadbody Recovered in Paltan bazar Train Station: মহানগৰীৰ পল্টন বজাৰ ৰে’লৱে ষ্টেচনত অঘটন!

ৰে'লৱে ষ্টেচনৰ পাৰ্কিঙত থকা এখন গাড়ীত উদ্ধাৰ যুৱকৰ মৃতদেহ

paltan bazar

Deadbody Recovered in Paltan bazar Train Station:

মহানগৰীত পল্টন বজাৰ ৰে’লৱে ষ্টেচনত চাঞ্চল্যকৰ ঘটনা ৷ ৰে’লৱে ষ্টেচনৰ পাৰ্কিঙত থকাএএছ-০১-আৰচি-৭৫৭৯ নম্বৰৰ চাৰিচকীয়া বাহনত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ৷ মৃত যুৱকজন বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ ধীৰাজ ডেকা বুলি চিনাক্ত কৰা হয় ৷

ঘটনাৰ খবৰ পায়েই ঘটনাস্থলীত পল্টন বজাৰ আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰে ৷ মৃত ধীৰাজ ডেকাই ডাউন টাউনৰ এটা ভাড়াঘৰত থাকি ইকো’ নামেৰ অনলাইন ট্রেভেল এজেন্সী এটাৰ গাড়ী চলাইছিল ৷

Exit mobile version