SC interim order regarding Waqf Board:
৮ এপ্রিলত সংসদত গৃহীত হোৱা ৱাকফ সংশোধনী আইনক লৈ দেশজুৰি অব্যাহত থকা বিতৰ্কৰ মাজতে সর্বোচ্চ ন্যায়ালয়ে তিনিটা গুৰুত্বপূৰ্ণ বিষয়ত অন্তর্বর্তীকালীন ৰায় প্ৰদান কৰে ৷ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে ন্যায়ালয়ত ৰজু হোৱা কে’বাখনো আবেদনৰ শুনানি গ্ৰহণৰ অন্তত ন্যায়ালয়ে ৱাকফ ব’ৰ্ডত ১১ সদস্যৰ ভিতৰত ৩ জনতকৈ অধিক অমুছলমান হ’ব নালাগে,জিলা আয়ুক্তক দিয়া ক্ষমতা কৰ্তন আৰু ইছলামত ৫ বছৰ দিক্ষিত হ’লেহে দান কৰিব পৰা দফাত স্থগিতাদেশ জাৰি কৰে ৷ অৱশ্যে ৱাকফ সংশোধনী আইন বাতিল কৰিবলৈ অস্বীকাৰ কৰে সৰ্বোচ্চ ন্যায়ালয়ে।
ADVERTISEMENT






























