Mukesh Ambani:✒️এছিয়াৰ সবাতোকৈ ধনাঢ্য অর্বুদপতি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে এইবাৰ আমেৰিকাৰ নিউ য়র্কত সবাতোকৈ মহঙা অঞ্চলত এটা অট্টালিকা ক্ৰয় কৰিলে।
প্রকাশিত বাতৰি অনুসৰি নিউ য়ৰ্কৰ টিবেকা অঞ্চলত আম্বানীয়ে সম্পূর্ণ এটা বিল্ডিং ক্রয় কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ কৰা মতে আম্বানীয়ে নিউ য়র্কত উক্ত অট্টালিকা ক্ৰয়ৰ বাবে ১৭.৪ নিযুত ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্রাত ১৫৩ কোটি টকা ব্যয় কৰিলে।
স্মৰ্তব্য যে ২০২৩ৰ আগষ্টত আম্বানীয়ে মেনহট্টনৰ ৱেষ্ট ভিলেজস্থিত নিজৰ দুই শয়নকক্ষযুক্ত বিলাসী এপার্টমেন্ট এটা প্রায় ৯০ লাখ ডলাৰত বিক্ৰী কৰিছিল। হাডছন নদীৰ পাৰত অৱস্থিত এই এপার্টমেন্টটো যথেষ্ট চর্চিত আছিল।






























