গৃহযুদ্ধত খণ্ডিত হ’ব পাকিস্তান! খাইবাৰ পখতুনখোৱাত ভয়াৱহ যুদ্ধত নিহত কমেও ৩১ জন

TTP

Pakistan:✒️পাকিস্তানত দীৰ্ঘদিন ধৰি চলিছে বিদ্ৰোহৰ জুই । খাইবাৰ পখতুনখোৱা, ৱাজিৰস্তানকে ধৰি বিভিন্ন স্থানত বিদ্ৰোহীয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰ্যত গৃহযুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

এনে পৰিস্থিতিত পাকিস্তান সেনাই এই বিদ্ৰোহ দমনৰ বাবে সকলো প্ৰচেষ্টা চলাইছে। সশস্ত্ৰ সংগঠন তেহৰিক-ই-তালিবান পাকিস্তানৰ বিৰুদ্ধে এক বৃহৎ অভিযান আৰম্ভ হয়।

প্ৰাপ্ত তথ্য অনুসৰি ১৩ আৰু ১৪ ছেপ্টেম্বৰত এই অভিযানত ৩১ জন টিটিপি উগ্ৰপন্থী নিহত হয়।

তথ্য অনুসৰি, বিগত দুদিনত খাইবাৰ পখতুনখোৱা প্ৰদেশৰ লক্কি মাৰৱাট আৰু বান্নু জিলাত দুটা পৃথক অভিযান চলাইছে।

চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত খাইবাৰ পখতুনখোৱাত সেনাই অভিযান চলাইছিল বুলি সেনাই জানিবলৈ দিয়ে। তাতে টিটিপিৰ স’তে হোৱা বন্দুকৰ যুঁজত ১৪জন উগ্ৰপন্থী নিহত হয়।

তদুপৰি দ্বিতীয়টো অভিযানত ১৭জন উগ্ৰপন্থী নিহত হয়। সৰ্বমুঠ ৩১জন উগ্ৰপন্থী নিহত হৈছে। ইয়াৰ উপৰিও শনিবাৰে আই এছ পি আৰৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ১০ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈকে চলি থকা সেনা অভিযানত পাকিস্তানত মুঠ ৪৫ জন উগ্ৰপন্থী নিহত হৈছে।ইয়াৰে কেৱল খাইবাৰ পখতুনখোৱাত ১৯জন উগ্ৰপন্থী নিহত হয়।

Exit mobile version