Goat Theft Arrested :
নলবাৰী জিলা ঘগ্রাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘগ্রাপাৰ অঞ্চলত বিগত দিনত ছাগলী আৰু চুৰি কৰি ৰাইজৰ নিদ্রা হৰণ কৰি অহা দুই দুৰ্ধষ ছাগলী চোৰক আজি ঘগ্রাপাৰ আৰক্ষীয়ে খেদি খেদি চাংসাৰীৰ পৰা আটক কৰে।
উল্লেখ্য যে এখন বিলাসী বাহনত অহা দুটি চোৰে ১ নং নিমুৱাৰ গাৱৰ পৰা ৫টা ছাগলী চোৰ কৰি উধাও হোৱাত ৰাইজে প্রত্যক্ষ আৰক্ষীক খৱৰ কৰে।ঘগ্রাপাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক মহেন্দ্র চেত্রীৰ নেত্বত যোৱা এটি আৰক্ষী দলে চাংসাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ খেদি খেদি As o1 GE9756 নম্বৰ বিলাস বাহনসহ দুটি চোৰৰ লগতে ৫ টা ছাগলী উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ আহে। ধৃত চোৰ দুটি ক্রমে লক্ষীপুৰ জয়ন্ত হাজৰিকা আৰু কমলপুৰ ৰিজু আহমেদ বুলি আৰক্ষীক সদৰি কৰিছে। আৰক্ষীয়ে ইতিমধ্যে এটি কেচ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে।
