Supreme Court:
বিহাৰত বিতর্কিত ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) ৰ প্ৰক্ৰিয়াত যদি কোনো বেআইনী পদ্ধতি ধৰা পৰে তেন্তে সমগ্র প্রক্রিয়া বাতিল কৰি দিয়া হ’ব। পূৰ্বৰ স্থিতিক দোহাৰি চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ’লেও এই পৰিস্থিতিত বাতিল কৰা হ’ব বুলি উচ্চতম ন্যায়ালয়ে মঙলবাৰে স্পষ্ট কৰি দিয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰ বিচাৰপীঠে এক শুনানিৰ অন্তত কয় যে এই গোচৰৰ চূড়ান্ত ৰায় দেশজুৰি এছআইআৰৰ বাবে কাৰ্যকৰী হ’ব। উল্লেখ্য যে পূৰ্বৰ শুনানিত সর্বোচ্চ ন্যায়ালয়ে কৈছিল যে এছআইআৰৰ প্ৰক্ৰিয়াত আধাৰ কাৰ্ডক ব্যক্তি পৰিচয়ৰ প্ৰামাণ্য নথি হিচাপে ব্যৱহাৰ কৰিব লাগিব।
এই নিৰ্দেশ পুনৰ বিবেচনাৰ বাবে আবেদন জনোৱা হয়। অৱশ্যে এতিয়াই এই নির্দেশ সলনি নকৰে সৰ্বোচ্চ ন্যায়ালয়ে। ভোটাৰ তালিকাত নাম সংযোজনৰ বাবে পৰিচয়ৰ প্ৰামাণ্য নথিৰ তালিকাত আধাৰ সংযোজন কৰিবলৈ দেশৰ নির্বাচন আয়োগক প্রদান কৰা পূৰ্বৰ এক নির্দেশৰ সালসলনি বিচাৰি জনোৱা আবেদনৰ শুনানিৰ সময়ত ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাচিয়ে কয় যে এক সাংবিধানিক সংস্থা হিচাপে আয়োগে এছআইআৰ প্ৰক্ৰিয়াত আইন অনুসৰি কাম কৰিছে আৰু নিৰ্ধাৰিত বিধি মানি চলিছে।
একে সময়তে কয় যে যদিহে কোনো ধৰণৰ অবৈধ কার্যকলাপত ধৰা পৰে তেন্তে আদালতে হস্তক্ষেপ কৰিব আৰু সমগ্ৰ প্ৰক্ৰিয়াই বাতিল কৰা হ’ব পাৰে। এইদৰে উল্লেখ কৰি ন্যায়াধীশ সূর্যকান্তে কয়, ‘যদিহে ইয়াত কিছু অবৈধতা থকা বুলি আমি নিশ্চিত হওঁ তেন্তে তালিকা চূড়ান্ত হ’লেও ইয়াৰ কি অর্থ থাকিব?’ যোৱা আঠ আগষ্টত উচ্চতম ন্যায়ালয়ে অন্যান্য ১১টা নথিৰ তালিকাত আধাৰক পৰিচয়ৰূপে গ্রহণ কৰিবলৈ নিৰ্দেশ দিছিল।
ইপিনে, অহা সাত অক্টোবৰত এছআইআৰ প্ৰক্ৰিয়াৰ বৈধতাক লৈ চূড়ান্ত বিতৰ্কৰ বাবে দিন ধার্য কৰা হৈছে। উচ্চতম ন্যায়ালয়ে এই কথাও স্পষ্ট কৰি দিছে যে এই গোচৰৰ চূড়ান্ত ৰায় কেবল বিহাৰৰ বাবেই নহয়, দেশজুৰি এছআইআৰ প্ৰক্ৰিয়াৰ বাবে এই ৰায় কাৰ্যকৰী হ’ব। ইয়াৰ পূৰ্বে বিহাৰৰ এছআইআৰ সংক্ৰান্তীয় গোচৰত সর্বোচ্চ ন্যায়ালয়ে কৈছিল যে পৰিচয়ৰ নথি হিচাপে আধাৰৰ ব্যৱহাৰৰ নিয়ম সম্প্রতি বিহাৰৰ বাবেহে। উচ্চতম ন্যায়ালয়ে লগতে কয় যে আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়। ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰিবলৈ আধাৰ ব্যৱহাৰ কৰিব পাৰিব। এই নির্দেশ পুনৰ বিবেচনাৰ বাবে জনোৱা আবেদনৰ এটা পক্ষৰ অধিবক্তা অশ্বিনী উপাধ্যায়ে দাবী কৰে যে আধাৰ কেৱল এখন পৰিচয়পত্ৰ। ই নাগৰিকত্ব, বয়স অথবা ঠিকনাৰ পৰিচয় বহন নকৰে।
এছআইআৰৰ বাবে প্ৰয়োজনীয় নথি হিচাপে আধাৰক ব্যৱহাৰ কৰিব নোৱাৰিব বুলি তেওঁ যুক্তি দর্শায়। তেওঁ কয় যে আন ১১টা নথিৰ স’তে আধাৰক যুক্ত কৰাটো আইনৰ পৰিপন্থী। কিয়নো বিদেশী নাগৰিকৰ হাততো থাকিব পাৰে আধাৰ। তেওঁ কয়, ‘এই নির্দেশ পুনৰ বিবেচনা কৰিব লাগে। অন্যথা বিপর্যয় হ’ব পাৰে।’ তেতিয়া ন্যায়াধীশ বাচিয়ে কয়, ‘বিপর্যয় কি হ’ব নে নহয় সেই সিদ্ধান্ত ল’ব আয়োগে।’
বিভিন্ন বিৰোধী দলে এছআইআৰৰ প্ৰক্ৰিয়া, ইয়াৰ সময় আৰু উদ্দেশ্যক লৈ বিৰূপ প্রতিক্রিয়া প্রকাশ কৰিছে। বিৰোধীৰ অভিযোগ অনুসৰি, বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে আয়োগৰ এই পদক্ষেপৰ দ্বাৰা দৰিদ্ৰ আৰু সংখ্যালঘুসকলৰ বৃহৎ সংখ্যকৰ ভোটাৰ তালিকা কৰ্তন কৰা হ’ব। বিৰোধী দলপতি ৰাহুল গান্ধী আৰু আৰজেডিৰ নেতা তেজস্বী যাদৱ আদিয়ে বিহাৰত ভোট অধিকাৰ যাত্ৰা সম্পন্ন কৰে।
এইসকলৰ অভিযোগ যে নির্বাচন আয়োগে বৃহৎ সংখ্যকৰ ভোট কৰ্তনৰ বাবে বিজেপিক সহায়ৰ উদ্দেশ্যে এই পদক্ষেপ লৈছে। অৱশ্যে মুখ্য নির্বাচন আয়ুক্তই অভিযোগ নস্যাৎ কৰে আৰু ৰাহুলক এই সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ অন্যথা ক্ষমা বিচাৰিবলৈ কয়।






























