Trucks loaded with smuggled timber seized:
অৰুণাচলৰ পৰা চোৰাং কৈ সৰবৰাহ কৰা কাঠৰ ৰমৰমীয়া বেহাৰ ঘাটি হৈ পৰিছে উত্তৰ অসমৰ কেতবোৰ অঞ্চল ৷ বন বিভাগে মাজে সময়ে অভিযান চলাই জব্দ কৰি আহিছে চোৰাং কাঠ ৷ মঙলবাৰে শোণিতপুৰৰ চাৰিদুৱাৰত চোৰাং কাঠভৰ্তি ট্ৰাক এখন দূৰ্ঘটনাগ্ৰস্ত হয় ৷এ আৰ ০৫/ ৮০৫৮ নম্বৰৰ চোৰাং কাঠ ভৰ্তি ট্ৰাক এখন নিয়ন্ত্ৰণ হেৰুৱাই চাৰিদুৱাৰ ফৰেষ্টগেটৰ কাষৰ এখন দোকানৰ সন্মুখত বাগৰি পৰে। আনকি ট্ৰাকখনে ৰৈ থকা এখন চাৰিচকীয়া বাহনকো খুন্দিয়াই।

ঘটনাটোত চালক সহ আন লোকসকল কথমপি ৰক্ষা পৰে ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা চাৰিদুৱাৰ বন বিভাগে দূৰ্ঘটনাগ্ৰস্ত ট্ৰাক সহ চালক চালু গুৰুঙক আটক কৰিছে ৷ আটকাধীন চালকজনে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি জব্দকৃত কাঠখিনি অৰুণাচলৰ পৰা চোৰাংকৈ সৰবৰাহ কৰাৰ উদ্দেশ্যৰে ট্ৰাকত বুজাই আনিছিল I






























