Himachal Pradesh:✒️উত্তৰাখণ্ড-হিমাচলত ধাৰাসাৰ বৰষুণ, ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।যাৰ বাবে কমেও ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ২০ জনলোক নিৰুদ্দেশ হৈছে। চলিত সপ্তাহত নতুনকৈ হোৱা মুষলধাৰ বৰষুণৰ ফলত উফন্দি পৰিছে নদীসমূহ।ভূমিস্খলনত বহু ঘৰ সমতল হোৱাৰ লগতে পথৰ ক্ষতিসাধন হয়।
প্ৰশাসনে জনাইছে যে উত্তৰাখণ্ডত নিশাৰ ভিতৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ১৫ জন লোকৰ মৃত্যু হৈছে। তদুপৰি আৰু ১৬ জন লোক সন্ধানহীন হৈ আছে।
পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ এনডিআৰএফ, এছডিআৰএফ আৰু অগ্নিনিৰ্বাপক বাহিনী মোতায়েন কৰা হৈছে। উদ্ধাৰ হৈছে ৯০০ৰো অধিক লোক। আটাইতকৈ ভয়াৱহ পৰিস্থিতি ডেৰাডুনত। তাত ১৩ জন লোকৰ মৃত্যু হৈছে। আনহাতে, হিমাচল প্ৰদেশতো পৰিস্থিতি ভয়াৱহ।
তাতে মাণ্ডী জিলাৰ ব্ৰাগটা গাঁৱত ভূমিস্খলনৰ ফলত ঘৰ ভাঙি একেটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হয়। ধৰ্মপুৰৰ মূল বাছ ষ্টেণ্ডটো আকস্মিক বানত উটি যায়। কেবাখনো গাড়ী উটুৱাই লৈ যায়।
বিপুল ক্ষয়-ক্ষতিৰ উপৰিও চাৰিজন লোক নিৰুদ্দেশ হোৱা হৈছে।প্ৰাণ হেৰুৱাৰ উপৰিও এই দুখন হিমালয় ৰাজ্যৰ অবিৰত বৰষুণৰ বাবে পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে । ডেৰাডুনত বন্ধ কৰি দিয়া হৈছে বিদ্যালয়।
তাত আৰম্ভ হৈছে উদ্ধাৰ অভিযান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীকো ফোন কৰি পৰিস্থিতি সন্দৰ্ভত সোধা-পোছা কৰে। অধিকাংশ পথ ধ্বংস হোৱাৰ বাবে যোগাযোগত বিঘিনি ঘটিছে।
প্ৰাপ্ত তথ্য অনুসৰি এই বাৰিষাত হিমাচল প্ৰদেশত এতিয়ালৈকে ২৩৪ জন লোকৰ মৃত্যু হৈছে। বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰই ৰাজ্যখনক ১৫০০ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে।






























