Train: ✒️স্থগিত ৰখা হৈছে মুম্বাইৰ মনোৰেল সেৱা । যোৱা কেবাদিন ধৰি একাধিকবাৰ বিপত্তি হৈছে মুম্বাইৰ মনোৰেল সেৱা। কিছুদিন পূৰ্বে যান্ত্ৰিক বিজুতিৰ বাবে মুম্বাইৰ মনোৰেল বন্ধ হৈ পৰিছিল। ইয়াৰ পাছতে সাময়িকভাৱে স্থগিত ৰখা হৈছে এই সেৱা ।
২০ ছেপ্টেম্বৰৰ পৰা মুম্বাইৰ মনোৰেল সেৱা বন্ধ থাকিব বুলি ঘোষণা কৰিছে মুম্বাই মহানগৰ অঞ্চল উন্নয়ন কৰ্তৃপক্ষই।
তেওঁলোকে জনাইছে যে,নতুন ৰোলিং ষ্টকৰ দ্ৰুত ইন্টিগ্রেছন, উন্নত চিবিটিচি চিগনেলিং উন্নীতকৰণ আৰু বৰ্তমানৰ আন্তঃগাঁথনি সংস্কাৰৰ সুবিধাৰ বাবে ২০ ছেপ্টেম্বৰৰ পৰা মুম্বাইত মনোৰেল সেৱা বন্ধ কৰা হ’ব।কাম সম্পূর্ণ নোহোৱা পৰ্যন্ত বন্ধ থাকিব মনোৰেল৷
অৱশ্যে কিমান দিনলৈ মনোৰেল বন্ধ থাকিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। মঙলবাৰে এই কথা ঘোষণা কৰা হৈছে । কৰ্তৃপক্ষই জনায় যে এই সংস্কাৰৰ ফলত মনোৰেলখন অধিক সুৰক্ষিত, মসৃণ আৰু অধিক নিৰ্ভৰযোগ্য হ’ব।






























