ভাৰতৰ ‘বন্ধু’ দেশৰ স’তে পাকিস্তানে স্বাক্ষৰ কৰিলে প্ৰতিৰক্ষা চুক্তি! 

নতুন দিল্লীয়ে জাৰি কৰিলে বিবৃতি

1758172636 modi 1

Saudi Arabia:✒️ভাৰতৰ বন্ধু দেশৰ স’তে পাকিস্তানে প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰাৰ পাছতে এই বিষয়ে বিবৃতি দিলে নতুন দিল্লীয়ে। বৃহস্পতিবাৰে পুৱা ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই চুক্তিৰ প্ৰভাৱ পৰীক্ষা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে জনাই যে,এই সন্দৰ্ভত ভাৰত অৱগত ।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বুধবাৰে চৌদি আৰৱত ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানক সাক্ষাৎ কৰে।

ইয়াৰ পাছত দুয়োখন দেশে ‘কৌশল আৰু পাৰস্পৰিক প্ৰতিৰক্ষা চুক্তি’ স্বাক্ষৰ কৰে।

এ এফ পি সংবাদ সংস্থাৰ এক প্ৰতিবেদন অনুসৰি ৰিয়াদৰ পৰা প্ৰকাশিত এক বিবৃতিত কোৱা হৈছে যে যদি পাকিস্তান আৰু চৌদি আৰৱৰ মাজৰ যিকোনো এখন দেশত আনখন দেশৰ আক্ৰমণ হয় তেন্তে ইয়াক দুয়োখন দেশৰ ওপৰত আক্ৰমণ হিচাপে গণ্য কৰা হ’ব।

বৃহস্পতিবাৰে হোৱা চুক্তি সন্দৰ্ভত ৰন্ধিৰে কয় যে, “আমি এই বিষয়ে অৱগত। বিষয়টো পৰীক্ষা কৰা হৈছে।” বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে চুক্তিখন পৰীক্ষা কৰাৰ সময়ত ভাৰতৰ জাতীয় স্বাৰ্থ আৰু আন্তঃৰাষ্ট্ৰীয় স্থিতিশীলতাক প্ৰতি লক্ষ্য ৰখা হ’ব।

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ কেবাটাও সন্ত্ৰাসবাদী শিবিৰৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰে। এই অভিযানৰ নাম ৰখা হৈছিল ‘অপাৰেচন সিন্দূৰ’।

ইয়াৰ পাছত চাৰিদিন ধৰি ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সংঘৰ্ষ চলে।

নতুন দিল্লীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে ইছলামবাদে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদক সমৰ্থন কৰিলে তীব্ৰ সঁহাৰি দিয়া হ’ব। তেনে ক্ষেত্ৰত দ্বিপাক্ষিক চুক্তিৰ চৰ্ত অনুসৰি যদিহে পাকিস্তানৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰা হয় ছৌদি আৰবে ইছলামবাগৰ কাষত থিয় দিব ।

চৌদি আৰৱৰ স’তে ভাৰতৰ সম্পৰ্কও যথেষ্ট মসৃণ। দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কও আছে। এই পৰিবেশত ভাৰতে পৰিস্থিতিৰ মূল্যায়ন কৰি লাহে লাহে আগবাঢ়িব বিচাৰিছে বুলি অনুমান কৰা হয়।

Exit mobile version