Rahul Gandhi:✒️মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ‘গণতন্ত্ৰৰ হত্যাকাৰী’ক সুৰক্ষা দিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে ‘ভোটচুৰি’ক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰে।
লোকসভাৰ বিৰোধী নেতাই ইয়াৰ পূৰ্বে শাসকীয় দলটোক সকীয়াই দিছিল,’হাইড্ৰজেন বোমা’ বিস্ফোৰণ কৰিব।একেদৰেই আজি ৰাহুলে ইটোৰ পাছত সিটো চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিলে।
ইয়াৰ ভিতৰত আছে কৰ্ণাটকৰ এটা কেন্দ্ৰত ৬০০০ টা ‘ভোট চুৰি’! সংবাদমেলত কংগ্ৰেছ সাংসদগৰাকীয়ে এই বিষয়ত নিজস্ব প্ৰমাণ দাঙি ধৰে।
আজিৰ দিনটোতে ৰাহুলে কয় যে কেৱল কৰ্ণাটকেই নহয়, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশতো কিছুমান ভোটাৰৰ নাম বাদ দিয়া হৈছে। লোকসভাত বিৰোধী দলপতিগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে মূলতঃ কংগ্ৰেছ শক্তিশালী হোৱা বুথসমূহত ভোটাৰৰ নাম ইচ্ছাকৃতভাৱে বাদ দিয়া হৈছে।
লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে আৰু দাবী কৰে যে ভোটাৰ তালিকাত বিভ্ৰান্তিৰ সৃষ্টি হোৱাই নহয়, এইবাৰ ভোটাৰ তালিকাৰ পৰা কংগ্ৰেছ সমৰ্থক, দলিত আৰু জনজাতীয় ভোটাৰৰ ভোট নিৰ্বাচন কৰি বাদ পৰাৰ প্ৰয়াস কৰা হৈছে। আৰু এই কাম কিছুমান বিশেষ সংগঠন আৰু কল চেণ্টাৰৰ জৰিয়তে সংগঠিতভাৱে কৰা হৈছে।
আৰু সেই কাম কিছুমান বিশেষ সংগঠন আৰু কল চেণ্টাৰৰ জৰিয়তে সংগঠিতভাৱে কৰা হৈছে। কিন্তু নিৰ্বাচন আয়োগ নিমাত।
ইয়াৰ লগে লগে ৰাহুলে মন্তব্য কৰে যে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ গণতন্ত্ৰক হত্যা কৰাসকলৰ ৰক্ষক হৈ পৰিছে।
কৰ্ণাটকৰ আলণ্ডু লোকসভা সমষ্টিৰ কথা উল্লেখ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে ৰাজ্যৰ বাহিৰৰ পৰা অহা চফটৱেৰ আৰু ফোন নম্বৰ ব্যৱহাৰ কৰি ৬,০১৮টা ভোট ডিলিট কৰা হৈছে। সংবাদমেলত ভোট ডিলিট কৰিবলৈ ব্যৱহাৰ কৰা ফোন নম্বৰবোৰো উলিয়াই আনিলে।






























