Jorabat Incident:
চুবুৰীয়া মেঘালয়ৰ পৰ্যটন উদ্যোগলৈ অশেষ বৰঙনি যোগাই আহিছে অসমৰ বাণিজ্যিক বাহন সমূহে ৷ মেঘালয়ৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবৰ বাবে বহি:ৰাজ্যৰ পৰা বিভিন্ন পৰ্যটক দৈনিক ৰে’ল আৰু বিমানযোগে আহে গুৱাহাটীলৈ ৷ ইয়াৰ পিছতে গুৱাহাটীৰ পৰা অসমৰ বাণিজ্যিক বাহনেৰে যায় মেঘালয়লৈ ৷ কিন্ত শেহতীয়াকৈ কিছুদিনৰ পৰা অসমৰ বানিজ্যিক বাহনত মেঘালয়ত প্ৰৱেশত বাধাৰোপ কৰি আহিছে ৰাজ্য খনৰ চালক সকলে ৷
এই সন্দৰ্ভত অনুৰূপ ঘটনা পূৰ্বেও কে’বাবাৰো সংঘটিত হোৱাৰ প্ৰতিবাদ স্বৰূপে অসমৰ বাণিজ্যিক বাহন চালক সকলে খানাপাৰাতে মেঘালয়ৰ বাহন প্ৰৱেশত বাধাৰোপ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ যাৰবাবে মেঘালয় পৰ্যটন মন্ত্ৰী তৎপৰতাত দুই ৰাজ্যৰ বাহন চালকৰ যৌথ বৈঠক অনুষ্ঠিত কৰি আপোচ মিমাংসা কৰি দিছিল ৷ তাৰ পিছৰে পৰা দুই ৰাজ্যৰ বাণিজ্যিক বাহনৰ আহযাহ অব্যাহত আছিল ৷
কিন্ত ১৬ চেপ্টেম্বৰৰ পৰা মেঘালয়ৰ টেস্কি এচ’শ্বিয়েচনে অসমৰ বাণিজ্যিক বাহন মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰি উভতাই পঠাই দিয়াৰ লগতে অসমৰ টুৰিষ্ট বাহনসমূহেৰে মেঘালয়ৰ পৰ্যটনস্থলী ভ্ৰমণত বাধা আৰোপ কৰিছিল I একাংশ অসমৰ চালকক দুৰ্ব্যৱহাৰ কৰি ওভোতাই পঠিয়াইছিল শ্বিলঙৰ পৰা I
মেঘালয়ৰ টেস্কি এচ’শ্বিয়েচনৰ এই স্থিতিত ক্ষোভিত হৈ পৰে অসমৰ চালক সকল ৷ বৃহস্পতিবাৰে যোৰাবাটত পুৱাৰে পৰা মেঘালয়ৰ বাণিজ্যিক বাহন অসমত প্ৰৱেশ বাধাৰোপ কৰে সদৌ অসম টুৰিষ্ট টেক্সী এচ’শ্বিয়েছনৰ চালক সকল ৷ আনকি চালকৰ তীব্ৰ প্ৰতিবাদৰ মাজতে গুৱাহাটী অভিমুখে অহা মেঘালয়ৰ এগৰাকী কেবিনেট মন্ত্ৰীৰ কনভয় প্ৰৱেশতো বাধাৰোপ কৰে প্ৰতিবাদকাৰীয়ে ৷ অৱশ্যে যোৰবাট আৰক্ষীৰ অশেষ বুজনিত কনভয়ৰ বাট এৰি দিয়ে প্ৰতিকাৰীয়ে ৷
তেওঁলোকে কয়, অসমৰ পৰা বহি:ৰাজ্যৰ পৰ্যটক মেঘালয়লৈ নাযালে ৰাজ্যখনৰ পৰ্যটন উদ্যোগত স্থবিৰতা আহি পৰিব ৷ দীৰ্ঘদিন ধৰি অসমে মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰলৈ অফুৰন্ত বৰঙনি আগবঢ়াই অহাৰ পিছতো বাৰেপতি অসমৰ বাণিজ্যিক বাহনক মেঘালয়ত প্ৰৱেশত বাধা দিয়াৰ ঘটনা নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে হৈছে মেঘালয়ৰ চালক সকলৰ ৷ মেঘালয় প্রশাসনে আজিলৈ কিয় ব্যৱস্থা গ্রহণ কৰিব পৰা নাই I অসমৰ টেক্সি যদি মেঘালয়ত প্ৰৱেশ কৰিব নিদিয়ে তেন্তে অসমতো মেঘালয়ৰ টেক্সি প্ৰৱেশ কৰিব নিদিও I বাৰেপতি মেঘালয়ৰ চালক সকলে কৰি অহা আতিশয্যৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰা অনিদিষ্টকালীন মেঘালয়ৰ বাণিজ্যক বাহন অসমত প্ৰৱেশ কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰে সদৌ অসম টুৰিষ্ট টেক্সী এচ’শ্বিয়েছনৰ ৷






























