Chinese:✒️কেৱল চাউমিন বিক্ৰী কৰিয়েই সম্প্রতি ভাইৰেল হৈছে এক চীনা দম্পতী। ভাইৰেল হোৱাৰ মুখ্য কাৰণটো হৈছে উক্ত দম্পতীয়ে কেৱল চাউমিন বিক্রী কৰিয়েই দৈনিক লক্ষাধিক টকা উপার্জন কৰি আছে।
সম্প্রতি বেলজিয়ামত এই ব্যৱসায় কৰি চৰ্চিত হৈ পৰিছে উক্ত চীনা দম্পতী। তেওঁলোকে প্রস্তুত কৰা চংকিং ষ্টআলিৰ মটৰ নুডলছ সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইয়াৰ পৰাই সেই দম্পতীৰ দৈনিক উপার্জন ১,২০০ মার্কিন ডলাৰ (ভাৰতীয় মুদ্রাত ১,০৫,৩৮৮ টকা)।
চীনৰ জিয়াংশু প্রদেশৰ পৰা পিএছইড স্নাতক হয় ৩৭ বছৰীয়া ডিং। তেওঁ বেলজিয়ামলৈ এক বিশেষ বিষয়ত গৱেষণা কৰিবলৈ গৈছিল। সম্প্রতি ডিঙৰ সেই গবেষণা শেষ হৈছে।
গৱেষণা পত্রও জমা দিছে; কিন্তু গবেষণা কৰিলেওতো আৰু নহ’ব। সংসাৰ চলাবলৈ ধনৰ প্রয়োজন। এক সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ২০১৫ৰ পৰা ডিং আৰু তেওঁৰ পত্নী বাঙে বেলজিয়ামত স্থায়ীরূপে থাকিবলৈ আৰম্ভ কৰে। তাত থাকিবলৈকে তেওঁলোকক ধনৰ প্রয়োজন হৈছিল। গৱেষণাৰ মাজে মাজে তেওঁলোকে কামবো সন্ধান কৰিছিল। তেতিয়াই সেই দম্পতীয়ে চাউমিনৰ এখন স্কুল খোলাৰ সিদ্ধান্ত লয়।
যোৱা মে’ত তেওঁলোকে বেলজিয়ামৰ মাটিত প্রথম নুডলছ বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। তাতেই চীনা দম্পতীয়ে তেওঁলোকৰ গৃহচহৰৰ এক বিশেষ চাউমিন বিক্ৰী কৰিবলৈ আৰম্ভকৰে, যাৰ নাম চংকিং। ইয়াৰ এবাটিৰ দাম সাতৰ পৰা ন ইউৰ’।
এক বিশেষ প্ৰকাৰৰ নুডলছ, মটৰ আৰু গাহৰি মাংসৰ চচ হৈছে ইয়াৰ উপকৰণ। স্থানীয় মানুহৰ পছন্দ বুজি লৈ তেওঁলোকে ইয়াৰ স্বাদ প্রস্তুত কৰিছে উক্ত দম্পতীয়ে সপ্তাহত দুদিন সেই দোকান চলায়। দিনটোত প্রস্তুত কৰা সকলো খাদ্যই বিক্রী হৈ যায়। চীনৰ সামাজিক মাধ্যমত সম্প্রতি দয়ো ভাইবেল হৈ পৰিছে।
প্রায় ৭৮,০০০ মানুহে তেওঁলোকক অনুসৰণ কৰে। এটা ভিডিঅ’ত দেখা গৈছে যে এগৰাকী বয়স্ক মহিলাই খোৱাৰ মাজতে কৈ আছে, ‘ইয়া মই খোৱা শ্রেষ্ঠ চীনা খাদ্য।’ আন কোনোৱে কৈছে, ‘মটৰত যে ইমান সোৱাদ আছে, সেয়া নাজানিছিলো।’
চীনা খাদ্য তৈয়াৰ কৰি উক্ত দম্পতীয়ে বিদেশৰ মাটিত যিদৰে উপার্জন কৰিচে তাত মুগ্ধ হৈছে বহু লোক।
