ভাত-ৰুটি নহয় , ইঞ্জিনৰ তেল হৈ পৰিছে খাদ্য

বিগত ৩০ বছৰে বিষাক্ত খাদ্যতে সুস্থ হৈ আছে 'তেল কুমাৰ'

IMG 20250919 130954

ভাত, ৰুটি, ডাইল, পাচলি আদি নহয়; বৰঞ্চ সমগ্ৰ দিনটোৰ খোৰাক বুলিবলৈ সাতৰ পৰা আঠ লিটাৰ যিকোনো ইঞ্জিনত ব্যৱহাৰ কৰা তেল।জীয়াই থকাৰ বাবে ইঞ্জিনৰ তেলেই হেনো তেওঁৰ বাবে যথেষ্ট।

অবিশ্বাস্য যেন লাগিলেও যেন এয়াই সত্য ঘটনা।দুই-এদিন নহয়; বৰন্ধ বিগত ৩০ বছৰ ধৰি কৰ্ণাটকৰ এজন লোকে হেনো আন কোনো খাদ্য নোখোৱাকৈ কেৱল ইঞ্জিনৰ তেল পান কৰিয়ে জীয়াই আছে।

আনকি তেওঁ সম্পূর্ণ সুস্থ অবস্থাতো আছে। এই বিষয়ৰ এটা ভিডিঅ’ সম্প্রতি ভাইৰেল হোৱাৰ লগে লগে সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ মাজত তোলপাৰ লাগিছে।

প্ৰাপ্ত তথ্য অনুসৰি, কর্ণাটকৰ শিৱমোগা জিলাৰ বাসিন্দা সেই ব্যক্তিজন ‘তেল কুমাৰ’ নামেৰেই পৰিচিত হৈ পৰিছে।

ইনস্টাগ্রামত কৰা প’ষ্টত উল্লেখ কৰা হৈছে যে লোকজনৰ প্ৰতিদিনৰ খাদ্য তালিকাত থাকে কেৱল সাতৰ পৰা আঠ লিটাৰ তেল।

সেই তেল অবিহনে তেওঁ একমাত্র চাহ পান কৰে। ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে যে তেওঁক খাদ্য দিয়া হ’লেও লোকজনে প্রত্যাখ্যান কৰে।

পৰিৱৰ্তে তেওঁক বটলৰ পৰা ক’লা ৰঙৰ ঘন তেল পান কৰা দেখা গৈছে।সুদীর্ঘ তিনি দশক ধৰি ইঞ্জিনৰ তেল গ্ৰহণ কৰি জীৱন-যাপন কৰিলেও তেওঁ হেনো কেতিয়াও হাস্পতালত ভর্তি হ’বলগীয়া হোৱা নাই।

প’ষ্টত উল্লেখ কৰা হৈছে যে তেওঁ এনে কোনো ডাঙৰ স্বাস্থ্য সমস্যাৰ সম্মুখীন হোৱা নাই, যাৰ বাবে চিকিৎসাৰ প্রয়োজন হয়।

ভিডিঅ’টো ইনস্টাগ্রাম একাউণ্টৰ পৰা প’ষ্ট কৰাৰ পাছতে সামাজিক মাধ্যমত ব্যাপক চর্চা আৰম্ভ হয়।

প’ষ্টটোত উল্লেখ কৰা হৈছে যে তেল সেৱন কৰিও সুস্থ হৈ থকাৰ অন্তৰালত ভগবান আয়াপ্পাৰ আশীর্বাদ থকা বুলি লোকজনে বিশ্বাস কৰে।

Exit mobile version