Durga Puja Preparations in Guwahati:
আগন্তুক দুর্গা পূজাক লৈ কালি গুৱাহাটী আৰক্ষীয়ে এছঅ’পি জাৰি কৰে। গুৱাহাটী মহানগৰীত এইবাৰ ছয় শতাধিক পূজা অনুষ্ঠিত হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা পুথিভঁৰাল প্রেক্ষাগৃহত কামৰূপ জিলা প্রশাসন, জিলা আৰক্ষী আৰু পূজা উদ্যাপন সমিতিৰ প্ৰতিনিধিৰ এখন সভা অনুষ্ঠিত হয়। এই সভাতে আৰক্ষীৰ পৰা পূজাত ব্যাঘাত জন্মাবলৈ পূৰ্বৰে পৰা বিশেষ চক্রই ষড়যন্ত্ৰ কৰি অহা বুলিও উল্লেখ কৰা হয়। আৰক্ষী আযুক্ত পাৰ্থসাৰথি মহন্তই এই কথা সদৰী কৰি কয় যে তেনে ষড়যন্ত্রক মষিমূৰ কৰিবলৈকে সকলোৱে নীতি-নিয়ম মানি এইবাৰৰ পূজা উদ্যাপন কৰিবই লাগিব জাৰি কৰা এছঅ’পিৰ বিষয়ে সদৰী কৰি সহকাৰী আৰক্ষী আয়ুক্ত অংকুৰ জৈনে কয় যে অনুমতি লৈহে ৰাজহুৱা স্থানত পূজা মণ্ডপ নির্মাণ কৰিব পাৰিব।
ইপিনে, পূজা মণ্ডপত ভিআইপিৰ দৰ্শনৰ পূৰ্বে আৰক্ষী তথা স্থানীয় কর্তৃপক্ষক আগতীয়াকৈ অৱগত কৰাৰো নির্দেশ দিয়া হয়। প্রতিমা বিসর্জনৰ ক্ষেত্রত জিলা প্রশাসনে নির্দিষ্ট কৰি দিয়া সময় আৰু স্থানৰ কোনো হীন-ডেঢ়ি হ’ব নোৱাৰিব বুলিও সভাত স্পষ্ট কবি দিয়া হয়। স্বচ্ছতা ৰক্ষা কৰা আৰু পৰিৱেশ সুৰক্ষাৰ বাবে পৰিৱেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰিব বুলিও আজি জাৰি কৰা এছঅ’পিত উল্লেখ কৰা হৈছে।
এই এছঅ’পিত ৰাজহুৱা পথত পূজা মণ্ডপ নির্মাণত বাধা আৰোপ কৰা হৈছে। একেদৰে অনুমতি অবিহনে শোভাযাত্রা-সমাবেশো নিষিদ্ধ কৰা হৈছে। পূজা মণ্ডপৰ এশ মিটাৰ ব্যাসার্ধত যানবাহনৰ পার্কিং নিষিদ্ধ কৰা হৈছে। প্রতিমা বিসৰ্জনৰ সময়ত কেৱল ভক্তিমূলক গতহে বজাব পাৰিব। প্রতিমা বিসৰ্জনৰ শোভাযাত্ৰাত ফটকা ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে বলপূর্বক দান-বৰঙণি আদায়ো নিষিদ্ধ কৰা হৈছে জাৰি কৰা এছঅ’পি।
এই সভাতে গুৱাহাটীৰ বিধ্বস্ত বাট-পথৰ বিষয়টো কে’বাখনো পূজা সমিতিৰ প্ৰতিনিধিয়ে উত্থাপন কৰে। তেওঁলোকক আশ্বাস দিয়া হয় যে পূজাৰ পথবোৰ মেৰামতি কৰা হ’ব। গুৱাহাটী পৌৰ নিগমে এইবাৰো স্বাচ্ছ পূজা সমিতি বঁটা প্রদান কৰিব বুলি সভাত ঘোষণা কৰে।
