PIL :
ধর্মীয় নির্যাতনৰ বলি হৈ ভাৰতলৈ পলায়ন কৰা অমুছলমান লোকক নাগৰিকত্ব প্ৰদানৰ সময়সীমা কৌশলৰে ২০২৪লৈ বৃদ্ধিৰ সন্দৰ্ভত অহা তিনি ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিব লাগিব বিস্তৃত শপতনামা। ইয়াৰ বাবে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰা হয়। এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (পিআইএল) ৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰৰ আদালতে এই নির্দেশ জাৰি কৰে।
উল্লেখ্য যে ‘কা’ৰ পৰিৱৰ্তে গৃহ মন্ত্রণালয়ে কৌশলপূর্ণভাবে বিদেশী ন্যায়াধিকৰণ অধিনিয়ম-১৯৬৪ৰ জৰিয়তে উক্ত সময়সীমা বৃদ্ধি কৰিছিল। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন উপ-সভাপতি পলাশ ৰঞ্জন বৰুৱাই দাখিল কৰা আবেদনখনত অধিনিয়মখন বেআইনী বুলি অভিযোগ কৰি ইয়াক বাতিলৰ দাবীৰে যোৱা ১৫ ছেপ্টেম্বৰত আবেদনখন দাখিল কৰিছিল। আবেদনখনত উল্লেখ কৰা হৈছে যে এই অধিনিয়মখন কাৰ্যকৰী হ’লে অসমৰ পৰা অনুপ্ৰৱেশকাৰী বিতাড়ন প্রক্রিয়া হেঙাৰ হৈ পৰিব। তদুপৰি অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবর্ষ অসম চুক্তিয়ে নির্ধাৰণ কৰি দিছে।
এনে ক্ষেত্ৰত অসম চুক্তিক উপেক্ষা কৰি নিৰ্দিষ্ট কেইটামান সম্প্ৰদায়ৰ লোকক নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ পলাই অহাৰ বাবে ২০১৪ৰ ৩১ ডিচেম্বৰলৈ নাগৰিকত্ব প্ৰদানৰ বাবে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰা হয়। তাৰ ওপৰঞ্চি এইবাৰ অধিনিয়মৰ জৰিয়তে সেই সময়সীমা পুনৰ ১০ বছৰলৈ বৃদ্ধিৰ কৰিছে। আবেদনখনৰ দীঘলীয়া শুনানিৰ অন্তত ন্যায়ালয়ে বিষয়টো প্রত্যক্ষভাবে কেন্দ্ৰীয় চৰকাৰৰ হোৱা হেতুকে কেন্দ্ৰৰ পৰা শপতনামা বিচাৰে।






























