Guwahati CP :
ছিংগাপুৰত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পিছত শোকত ভাগি পৰিছে তেওঁৰ অনুৰাগী সকল৷ শুকুৰবাৰে মৃত্যু খবৰ পোৱাৰ লগে লগে হাজাৰ হাজাৰ অনুৰাগী ঢপলিয়াই আহে জুবিন গাৰ্গৰ মহানগৰীৰ কাহিলীপাৰাস্থ বাসগৃহলৈ ৷ কালি বিয়লীৰ পৰা আজি আবেলিকৈ কে’বা সহস্ৰাধিক অনুৰাগীয়ে অৱস্থান কৰে হাৰ্টথ্ৰৱ গৰাকীৰ বাসগৃহ চৌহদত ৷
জুবিন অনুৰাগীৰ অত্যাধিক ভীৰৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষী প্ৰশাসনে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে জুবিনৰ বিয়োগৰ খবৰ লাভ কৰাৰ পিছৰে পৰা শোকত ভাগি পৰিছে জুবিনৰ বৃদ্ধ পিতৃ আৰু পত্নী গৰিমা গাৰ্গ ৷ আনকি আজি দুয়ো হঠাতে অসুস্থ হৈ পৰাৰ বাবে বাসগৃহ উপস্থিত হয় চিকিৎসক ৷
এনেবোৰ কাৰণতে আজি নিশা ৯ বজাৰ পিছত জুবিন গাৰ্গৰ কাহিলীপাৰাস্থ বাসগৃহত কোনো অনুৰাগী যাতে নাথাকে তাৰ বাবে আহ্বান জনাইছে মহানগৰ আৰক্ষী আয়ুক্ত ড:পাৰ্থ সাৰথি মহন্তই ৷ এই সন্দৰ্ভত ড:মহন্তই কয়, দেওবাৰে সৰুসজাই ষ্টেডিয়ামলৈ জুবিন গাৰ্গৰ নশ্বৰদেহ কেইটা বজাত নিয়া হ’ব বা ষ্টেডিয়ামৰ গেইট কেতিয়া খুলি দিয়া হ’ব সেয়া আৰক্ষীয়ে আগতীয়াকৈ জনাই দিব ৷
জুবিনৰ আদর্শ মানি জুবিনৰ অনুৰাগী সকলে শাস্তি শৃংখলা বজাই ৰখাৰ আহ্বানেৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে কয়,জুবিনে সদায় আনৰ অধিকাৰৰ বাবে মাত দিছিল ৷ কিন্তু এতিয়া একাংশ দুৰ্বৃত্ত ওলাইছে ৷ জুবিন অনুৰাগীৰ নামত ৰাজপথত উদ্ভণ্ডালী কৰা দুৰ্বৃত্ত দেখিলে আৰক্ষীৰ হেল্পলাইন নম্বৰত ফোন কৰিবলৈ আহ্বান জনায় ৰাইজক ৷






























