Outspoken Zubeen Garg:মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত

স্পষ্টবাদী জুবিন ৰস-বিতৰ্কৰ সৃষ্টি আছিল অন্য এক পৰিচয়

outspoken

Outspoken Zubeen Garg:

জুবিন গাৰ্গ নামটোৰ স’তে বিতর্কও সমানে সাঙোৰ খাই আছে। জুবিন মানেই বিতর্ক বুলিও বহুতেই চর্চা কৰে। এইটো ঠিক যে জুবিন আছিল স্পষ্টবাদী। যি কয় তাক লুক-ঢাক নকৰাকৈ স্পষ্টভারে কয়। সেইবাবে হয়তো তেওঁৰ বহু কথাই বিতৰ্কৰ সৃষ্টি কৰিছিল। সামাজিক, ৰাজনৈতিক বিভিন্ন বিষয়ত তেওঁ দিছিল স্পষ্ট মতামত। কোনোবাই ভাল পোৱা, বেয়া পোৱাক কালৈ তেওঁ কেৰেপ কৰা নাছিল। বহু সময়ত তেওঁৰ পৃষ্ঠাৰ পৰা আচৰণেও বিতৰ্কৰ সৃষ্টি কৰিছিল। বিশেষকৈ গানৰ মঞ্চত তেওঁ এসময়ত বিভিন্ন ‘কাণ্ড’ সংঘটিত কৰিছিল। ইয়াৰ বাবে তেওঁ সমালোচিতও হৈছিল আৰু একে সময়তে বসবো সৃষ্টি কৰিছিল। জুবিন গাৰ্গ আছিল

সকলো সমালোচনাৰ উর্ধ্বত। প্রতিটো প্রজন্মৰ কোঁহে কোঁহে সোমাই আছিল আৰু থাকিব জুবিন গার্গ নামটো। স্পষ্টবাদিতাৰ বাবেই জুবিন গার্গে নিজকে ব্রাহ্মণ বুলি কৈয়ো ‘লগুণ’ খুলি পেলোৱা বুলি বাজহুৱাভাৱে প্রকাশ কৰিছিল ৷

২০১৯ত শিল্পীগৰাকীয়ে নিজৰ পৰিচয় এনেদৰে দাঙি ধৰাত বিতৰ্কৰ সূত্রপাত হৈছিল। তেওঁৰ বক্তব্য আছিল ‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধর্ম নাই, মই মুক্ত।’ এনে স্পষ্টবাদিতাৰ বাবেই তেওঁ খোদ মাজুলীতে সত্ৰাধিকাৰ শব্দটোক লৈ আপত্তি কৰিছিল। বহু সময়ত তেওঁ ৰাজনৈতিক বিষয়ত কঠোৰ টিপ্পনি দিছিল। একপ্ৰকাৰ খাৰাংখাচ আছিল তেওঁৰ বন্তব্য। বহুতে সেই কাৰণে জুবিন গাৰ্গৰ মন্তব্যলৈ বিশেষ ভয় কৰিছিল। বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰৰ বহু প্ৰভাৱশালী ব্যক্তিক লৈ জুবিন গার্গে কৰিছিল তীব্র কটাক্ষপূর্ণ মন্তব্য। অথচ সেইসকলেও জুবিন গাৰ্গক এৰাই চলিব পৰা নাছিল। অসমত নাগৰিকত্ব আইন বিৰোধী আন্দোলনতো জুবিনৰ আছিল স্পষ্ট মত- “কা’ আমি নামানো’। সেই স্থিতিত আজীৱন অটল আছিল হিয়াৰ আমঠু শিল্পীগৰাকী।

Exit mobile version