Sarusadai Stadium:
জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলী বাবে সৰুসজাই ষ্টেডিয়ামত ৰখাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ৷ ষ্টেডিয়ামত ৰাজহুৱা শ্ৰদ্ধাঞ্জলীৰ প্ৰস্তুতিৰ বুজ ল’বৰ বাবে শনিবাৰে পুৱা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ,মুখ্যসচিব ড:ৰবি কোটা আৰু ডিজিপি হৰমিত সিং উপস্থিত হয় সৰুসজাই ষ্টেডিয়ামত ৷ সকলো দিশ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত জুবিন গাৰ্গ নশ্বৰদেহ অসমলৈ অনাৰ সন্দৰ্ভত কয়’ ইতিমধ্যে সম্পন্ন হৈছে জুবিন গাৰ্গৰ নশ্বৰদেহৰ মৰণোত্তৰ পৰীক্ষা I ভাৰতৰ ৰাষ্ট্ৰদুতৰ হাতত অৰ্পন কৰা হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহ I প্ৰথমে কাহিলীপাৰাৰ বাসগৃহলৈ অনা হ’ব জুবিন গাৰ্গক I সেই সময়খিনিত যাতে কেৱল পৰিয়ালৰ লোকে জুবিনৰ সৈতে অন্তৰংগ সময় কটাব পাৰে তাৰ প্ৰতি অনুৰাগীয়ে লক্ষ্য ৰাখক I তাৰ পৰা বাহিৰে বাহিৰে সৰুসজালৈ অনা হ’ব I সৰুসজাইৰ হেলিপেডটোও ৰাইজৰ বাবে মুকলি কৰি ৰখাৰ ব্যৱস্থা কৰা হব I
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,দেওবাৰে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক ইত্যাদিৰ চলাচল বন্ধ থাকিব I জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনা বন্ধ দিয়া হ’ব I কাইলৈ ৰাতিপুৱা ৬-৭ বজাত জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি পাব গুৱাহাটী I আজি নিশাৰ ভিতৰত আহি পাব দিল্লী I নিশাই আহি পালেও পৰিয়ালৰ ওচৰত থাকিবলৈ দিয়া হ’ব I যোৰহাটলৈ নিয়াক লৈ চৰকাৰে অকলে সিদ্ধান্ত নলয় I পৰিয়াল, অসম সাহিত্য সভা, শিল্পী সমাজ, দল, সংগঠন, ৰাইজ ইত্যাদিৰ মতামত গ্ৰহণ কৰিব I যিমান সময়লৈ মানুহ আহি থাকিব সিমান সময়লৈ মৃতদেহটো ৰখা হ’ব I কিন্তু কিমান দিন শৰীৰটো ৰাখিব পাৰি সেইয়া চিকিৎসকেহে ক’ব I
আনহাতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ হোতা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে মৰিগাঁৱত এজন অধিবক্তাই থানাত এজাহাৰ দিয়া বুলি সাংবাদিক সোধা এক প্ৰশ্নত্তোৰত মুখ্যমন্ত্ৰীয়ে কয়’মৰিগাঁৱত শ্যামকাণু মহন্ত আৰু সিদ্ধাৰ্থ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে যদি হৈছে তেন্তে দুয়োজন তদন্তৰ আওতালৈ আহিব I অসমৰ পৰাই যদি কিবা বেয়া ভাবি লৈ যোৱা হৈছিল সেইয়া আমি অসমৰ তদন্তত পাম I সৰুসজাই ষ্টেডিয়াম পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা,মন্ত্ৰীদ্বয় ডা:ৰণোজ পেগু আৰু বিমল বৰা I






























