Zubeen Garg :পূর্বাকাশত সূর্যাস্ত

ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ নামি অকাল মৃত্যু জুবিন গাৰ্গৰ, নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্রহণ কৰিবলৈ উপস্থিত হৈছিল, আজি নিশা গুৱাহাটী পাবহি নশ্বৰদেহ, সৰুসজাইত ২১ ছেপ্টেম্বৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

jubin 1

Zubeen Garg :

অসমৰ আকাশৰ পৰা অকালতে খহি পৰিল সংগীত জগতৰ নক্ষত্ৰ জুবিন গার্গ। কোনেও বিশ্বাস কৰিব নোৱাৰাকৈ অকালতে জীৱন নাট সামৰিলে জনতাৰ হিয়াৰ আমঠু শিল্পীগৰাকীয়ে। সুদূৰ ছিংগাপুৰত আকস্মিকভাবে চিৰবিদায় মাগিলে শিল্পীগৰাকীয়ে। বিশ্ব ভ্রমিলেও উশাহে-নিশাহে তেওঁৰ প্ৰাণৰ স্থলী আছিল অসম। কোনেও কাহানিও নভবা, কল্পনাৰো অগোচৰ, এক মর্মান্তিক ঘটনাত মাত্র ৫২ বছৰ বয়সত অগণন অনুৰাগী-গুণমুগ্ধক শোক সাগৰত আকণ্ঠ ডুবাই শিল্পীগৰাকী আঁতৰি গ’ল চিৰদিনলৈ।

ছিংগাপুৰত আয়োজিত নর্থ-ইষ্ট ফেষ্টিভেল নামৰ এক অনুষ্ঠানত ভাগ ল’বলৈ শিল্পীজন এদিন পূর্বে তাত উপস্থিত হৈছিল। ভাৰতীয় সময় মতে আজি সন্ধিয়া তেওঁৰ গীতৰ অনুষ্ঠান আছিল। তাৰ পূর্বে গৈছিল ছিংগাপুৰৰ পৰ্যটন খণ্ডৰ সৌন্দৰ্য উপভোগ কৰিবলৈ। জুবিন মানেই আছিল কাকো ভয় না, দুৰন্ত সাহসী – এক প্রতিভূ। হয়তো সেই সাহসেই আজি তেওঁৰ বাবে কাল হৈ নামি আহিল। অসমৰ আকাশ ক’লীয়া ডাৱৰে যেন ঢাকি ধৰিলে। যেন বিচ্যুত হ’ল এটি নক্ষত্র। পূর্বাকাশত সূর্যাস্ত ঘটিল !

# কিদৰে হেৰাই গ’ল জীৱন !

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ নিয়ম অনুসৰি দেশখনৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্রাথমিকভাবে যি তথ্য পোহৰলৈ আহিছে, সেয়া হ’ল আজিৰ অনুষ্ঠানত জুবিনে ছিংগাপুৰৰ জনপ্রিয় য়টত উঠি সাগৰত সাঁতুৰিবলৈ গৈছিল। – তেওঁৰ লগত নিজৰ চাৰিজন ব্যক্তি আছিল। তদুপৰি আছিল ছিংগাপুৰৰ অসম এছ’চিয়েছনৰ ১১ জন লোক। লগতে আছিল পর্যটন ক্ষেত্ৰৰ দুজন ক্রুজ পৰিচালক। এনেদৰে জুবিনসহ মুঠ ১৮ জন য়টখনত আছিল। জুবিনে সাগৰত সাঁতোৰাৰ ব্যৱস্থা থকা নির্দিষ্ট স্থানত সাঁতুৰিবলৈ নামিছিল। জীৱনৰক্ষী জেকেট তেওঁ পৰিধান কৰিছিল; কিন্তু জেকেটটোৰ আকাৰ কিছু ডাঙৰ হোৱাত তেওঁ অসুবিধা পায়। গতিকে জেকেটটো খুলি এইবাৰ পানীত নামে। তেতিয়াই লাহে লাহে পানীৰ তললৈ সোমাই গৈছিল হিয়াৰ আমঠু শিল্পীগৰাকী।

য়টখনত থকা সহায়কাৰীদ্বয়ে তেওঁক পানীৰ পৰা তুলি আনে যদিও তেতিয়া তেওঁ অচেতন অৱস্থাত আছিল। তেতিয়া য়টতে তেওঁৰ হৃদযন্ত্র সক্ৰিয় কৰি তোলাৰ ব্যৱস্থা কৰা হয়; কিন্তু সংজ্ঞা ঘূৰি নহাত তেওঁক নিকটৱৰ্তী বন্দৰত থকা চিকিৎসালয়লৈ নিয়া হয়। তাতো চিকিৎসকৰ দলে তেওঁৰ হৃদযন্ত্র সক্রিয় কৰাৰ ব্যৱস্থা গ্রহণ কৰে। সেয়াও সফল নোহোৱাত তেওঁক জৰুৰীভাৱে প্ৰেৰণ কৰা হয় ছিংগাপুৰ জেনেৰেল হাস্পতাললৈ। তাত আইচিইউত চিকিৎসকে তৎপৰতাৰে ব্যৱস্থা গ্রহণ কৰে যদিও চেতনাহীন অৱস্থাত থকা জুবিন চিৰদিনলৈ সংজ্ঞাহীন হৈ পৰে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে জুবিন গাৰ্গৰ মহানগৰীৰ কাহিলীপাৰাৰ ভগদত্তপুৰ পথস্থিত বাসভৱনত উপস্থিত হৈ সদৰী কৰে যে ছিংগাপুৰৰ সময় মতে দুপৰীয়া দুই বজাত জুবিন গাৰ্গসহ দলটো য়টত উঠি সাগৰলৈ ফুৰিবলৈ গৈছিল আৰু ৫.২০ বজাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। জুবিন গাৰ্গৰ লগত যি ১১ জন অসম এছ’চিয়েছনৰ সদস্য য়টত গৈছিল, সেইসকলৰ নাম তেওঁৰ হাতত থকা বুলিও মুখ্যমন্ত্রীয়ে জনায়। অসম এছ’চিয়েছনৰ অভিমন্যু তালুকদাৰসহ ১১ জন লোক দলটোত থকা বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে। আটাইকেইজন অসমৰ। গতিকে তেওঁলোককো কথাবোৰ সোধপোছ কৰিব পৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে জনায়।

#আজি অসমলৈ নশ্বৰদেহ

মুখ্যমন্ত্রী ড° শৰ্মাই আশা প্রকাশ কৰে যে শনিবাৰে নিশা অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ নশ্বৰদেহ গুৱাহাটী আহি পাব। মুখ্যমন্ত্রীয়ে কয়, ‘এইটো দুর্ঘটনা। গতিকে ছিংগাপুৰৰ আইন অনুসৰি মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা অথবা অট’স্প্রে’ কৰিব লাগিব, কিন্তু মৰণোত্তৰ পৰীক্ষা নকৰাকৈ মৃতদেহ ভাৰতলৈ আনিব পাৰি নেকি তাৰ বাবে ভাৰতীয় দূতাবাসে চেষ্টা অব্যাহত ৰাখিছে। যদি মৰণোত্তৰ পৰীক্ষা কৰা হয়, তেন্তে কাইলৈ বিয়লি নশ্বৰদেহ দিল্লীলৈ আনিব পৰা যাব আৰু নিশা গুৱাহাটীলৈ আনিব পাৰিম।’

#২১ ছেপ্টেম্বৰত সৰুসজাইত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

সৰুসজাইত জুবিন গাৰ্গৰ ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রীয়ে ঘোষণা কৰা অনুসৰি, পৰহিলৈ অর্থাৎ অহা ২১ ছেপ্টেম্বৰত গুৱাহাটীৰ সৰুসজাইত এই শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব। আনহাতে, পৰিয়ালৰ লোকে যদি বিচাৰে, তেন্তে নশ্বৰদেহ ভগদত্তপুৰৰ বাসভৱনলৈ নিয়া হ’ব, অৱশ্যে তাত কেৱল পিতৃ আৰু পৰিয়ালৰ লোকেহে শ্রদ্ধাঞ্জলি জনাব পাৰিব।

#ক’ত হ’ব সৎকাৰ!

জুবিন গাৰ্গৰ নশ্বৰদেহৰ সৎকাৰ ক’ত কৰা হ’ব? এই সিদ্ধান্ত অদ্যাপি চূড়ান্ত হোৱা নাই। মুখ্যমন্ত্রীয়ে কয়, ‘বহুতে দাবী কৰিছে নশ্বৰদেহ যোৰহাটলৈ নিব লাগে, যোৰহাটতে শেষকৃত্য কৰিব লাগে। নশ্বৰদেহ অহাৰ পাছত কিছুমান সিদ্ধান্ত লোৱা হ’ব। সমাধিস্থল নির্মাণ কৰা হ’ব। চৰকাৰে ভাবিছে সৎকাৰ আৰু সমাধিস্থল দুটা বেলেগ বিষয়। আৰু সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।’

আনহাতে শেহতীয়া খবৰ অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ এটুকুৰা ভূমি জুবিন গাৰ্গৰ নশ্বৰদেহৰ সৎকাৰ বাবে উপাচাৰ্য্যক আবেদন জনায় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাই ৷

সপত্নীক মুখ্যমন্ত্রী কালি নিশা শিল্পীগৰাকীৰ ঘৰত উপস্থিত হয় আৰু প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি জনাই পৰিয়ালৰ লোকৰ লগত বাৰ্তালাপ কৰে। তেওঁৰ লগত সাংস্কৃতিক মন্ত্রী বিমল বড়াও উপস্থিত থাকে I

# মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ড: হিমন্ত বিশ্ব শৰ্মাই। শিল্পীগৰাকীৰ মৃত্যুৰ খৰ অকল্পনীয়, অবিশ্বাস্য আৰু অনাকাংক্ষিত বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে এক বার্তাত কয়, ‘আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কি সতে শোক বার্তা দিওঁ! বুকুখন কঁপিছে, জুবিনময় সময়বোৰ এটি এটিকে চকুৰ সন্মুখত অগা-ডেৱা কৰিছে।। প্রতিটো প্রজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰা এই সত্তাজনৰ জনতাৰ প্ৰতি দুৰ্বাৰ প্ৰেম আছিল কল্পনাতীত। সীমাৰ পৰিধি ভাঙি স্বকীয় ৰূপেৰে উদ্ভাসিত জুবিন গাৰ্গ নামৰ যাদুকৰী কণ্ঠটি এনেদৰে হেৰাই যাব বুলি বিশ্বাস কৰিব পাৰি জানো! হেজাৰ হেজাৰ সৃষ্টিত তুমি আমাৰ মাজত জীয়াই থাকিবা জুবিন। য’তেই থাকা কুশলে থাকিবা জুবিন।’

# ছমহীয়া পৰীক্ষা স্থগিত

জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত চলি থকা শিক্ষানুষ্ঠানসমূহৰ ছমহীয়া পৰীক্ষা অন্ত্যেষ্টিক্রিয়া – সম্পন্ন নোহোৱা পর্যন্ত স্থগিত ৰখাৰ  নিৰ্দেশ জাৰি কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডরে। এই সন্দর্ভত মন্ত্রীজনে কয়, ‘জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয়ৰ পৰিদৰ্শক-জিলা প্রাথমিক শিক্ষা বিষয়াক কাইলৈ অনুষ্ঠিত হ’বলগীয়া ছমহীয়া পৰীক্ষা শিল্পীগৰাকীৰ নম্বৰদেহৰ অন্ত্যেষ্টিক্রিয়া নোহোৱা পর্যন্ত পিছুৱাই দিবলৈ নির্দেশ দিয়া হৈছে।’

Exit mobile version