তীব্ৰ বিতৰ্কৰ অন্তত দেওবাৰে নিশা গুৱাহাটীত উপস্থিত হয় পাপন মহন্ত । বিমানবন্দৰত সংবাদ মাধ্যমক সম্বোধন কৰি বন্ধু জুবিন গাৰ্গৰ বিয়োগক লৈ আৱেগিক মন্তব্য কৰে পাপনে।
পাপনে কয়, “এইয়া সামান্য ক্ষতি নহয়, গোটেই পৃথিৱীয়ে দেখিছে কি ক্ষতি হৈছে । অসমৰ মানুহে, আমি আগৰ পৰাই জানো সি নিজেও জানিছিল, আমিও জানিছিলো । কিন্তু এতিয়া গোটেই পৃথিৱীয়ে দেখিছে…
লগতে তেওঁ কয়,”তেওঁৰ জেগা মই পূৰাব নোৱাৰিম, সেইটো মোৰ শক্তি নাই মই জানো । গান গাই মই যি কৰিব পাৰিম মই সংস্কৃতি কৰি থাকিম কিন্তু জুবিন গাৰ্গ হ’ব নোৱাৰিম ।”
উল্লেখ্য যে,জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত তেওঁ কয়, “তদন্ত কেৱল মই বুলিয়ে নহয় সমগ্ৰ অসমে বিচাৰিছে আৰু চৰকাৰেও তদন্ত কৰিম বুলি কৈছে ।”
