Jorhat:✒️যোৰহাটত অব্যাহত আছে তীব্ৰ উত্তেজনা । প্ৰাণৰ জুবিন গাৰ্গক নশ্বৰদেহ যোৰহাটলৈ লৈ যোৱাৰ দাবী জনাইছে অনুৰাগীয়ে ।
শিল্পীগৰাকীৰ নশ্বৰদেহ যোৰহাটলৈ অনাৰ দাবীত ৰাজপথলৈ ওলাই আহিছে শ শ লোক । কালিৰে পৰা যোৰহাটত অনুৰাগীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে ।
প্ৰতিবাদৰ সমান্তৰালকৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে জুবিন অনুৰাগীয়ে।যাৰ ফলত উজনি-নামনিৰ যাতায়ত সেৱা স্তব্ধ হৈ পৰিছে।সমস্যাত পৰিছে সাধাৰণ যাত্ৰীসকল ।
আনহাতে ট্ৰাকৰ চালকসকলেও অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে ।
উল্লেখ্য যে ইয়াৰ মাজতে চৰকাৰে ঘোষণা কৰিছে সোণাপুৰৰ সমান্তৰালকৈ যোৰহাটতো জুবিন গাৰ্গৰ স্মৃতিত সমাধি নিৰ্মাণ কৰা হ’ব ।
একেদৰে জুবিন গাৰ্গ চিতাভস্মও যোৰহাটলৈ লৈ যোৱা হ’ব । কিন্তু চৰকাৰৰ এই সিদ্ধান্তৰ পিছতো শান্ত হোৱা নাই যোৰহাটবাসী ।






























