Judicial Custody:
সামাজিক মাধ্যমত জুবিন গাৰ্গক লৈ বহু বিতৰ্কিত লেখিকা শিখা শৰ্মাই কৰি অহা বিৰূপ মন্তব্যক লৈ সোমবাৰে শিখা শৰ্মাৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ ক্ৰাইম বাঞ্চতএজাহাৰ দাখিল কৰিছিল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে ৷ এজাহাৰ দাখিলৰ পিছতে আৰক্ষীয়ে BNS ৰ অধীনত ১৫২/১৯৬/২৯৯/৩৫১/৩৫২/৩৫৩/৩৫৬ ধাৰাৰ অধীনত থানাত ২/২৬ নম্বৰত গোচৰ ৰুজু কৰে । এই গোচৰৰ ভিত্তিত অপৰাধ শাখাই পাথৰকুঁৱেৰিস্থিত নীলাচল এপাৰ্টমেণ্টৰ A BLOCK ৰ C2 বাসগৃহৰ পৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰে । সেই দিনাই চিজেএম আদালতৰ জৰিয়তে দুদিনৰ বাবে নিজৰ জিন্মাত লোৱা শিখা শৰ্মাক ম্যাদ অন্ত পৰাত পানবজাৰ মহিলা আৰক্ষী থানাৰ পৰা পোনে পোনে নিয়া হয় কামৰূপ মহানগৰ চিজেএম আদালতলৈ ৷ আদালতে শিখা শৰ্মাক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে ৷ ইয়াৰ পিছতে আৰক্ষীয়ে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যায় বিতৰ্কিত লেখিকা গৰাকীক।
উল্লেখ্য যে পানবজাৰ থানাৰ পৰা আদালতলৈ নিয়াৰ পথত শিখা শৰ্মাই চিঞৰি চিঞৰি সংবাদ মাধ্যমক কয় , কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবে জামিন পোৱা নাই।
মানহানি গোচৰ জামিনযোগ্য হোৱা স্বত্বেও মোৰ বিৰুদ্ধে কিয় জামিনবিহীন হ’ল ৷ মই লিখা কথাৰ সকলো উত্তৰ আদালতত দিম ৷



































