Nagaon:নগাঁৱৰ শেনচোৱাত জনকণ্ঠলৈ জনতাৰ শ্ৰদ্ধাৰ্ঘ

গীত আৰু কবিতাৰে সজল স্মৰণ

nag 3

Nagaon:

হঠাতেই হেৰাল প্ৰাণৰ জুবিন । আকাশে-বতাহে এতিয়া কান্দোনৰ ৰোল । জনতাৰ চকু চকুপানীৰে ভৰপূৰ । শোকাচ্ছন্ন অসম । হিয়াৰ আমঠুক হেৰুওৱাৰ দুখত বিধৌত অসমীয়া । নগাঁৱৰো কলং-কপিলীৰ দুয়োপাৰে বিয়পিছে বিৰহ-বেদনা । জিলাখনৰ প্ৰান্তে প্ৰান্তে, গাঁৱে-ভূঞে, নামঘৰে-মন্দিৰে, বজাৰে-সমাৰে প্ৰতি সন্ধিয়াতে জ্বলিছে শাৰী শাৰী মিঠাতেলৰ চাকি, অগণন অনুৰাগীয়ে প্ৰতিচ্ছবিৰ সন্মুখতে যাঁচিছে শ্ৰদ্ধাঞ্জলি । নগাঁও চহৰৰ শেনচোৱাৰ সমন্বয় পথৰ বাসিন্দা সকলেও জুবিনৰ নামত উৎসৰ্গা কৰিলে শৰতৰে এটি গধূলি ।

‘জ্যোতি টেণ্ট হাউচ’ৰ বাকৰিত গীত আৰু কবিতাৰে জুবিনলৈ যাঁচিলে অশ্ৰু-অঞ্জলি । একৈশ ছেপ্টেম্বৰৰ সন্ধিয়া প্ৰায় দুঘণ্টা ধৰি অনুষ্ঠিত হয় আৱেগ সনা অনুষ্ঠানটি । সদ্যপ্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ অৰ্পন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনী মোহন ডেকা, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং, ৰূপকোঁৱৰ সংগীত কাননৰ অধ্যক্ষ নিতুমণি হাজৰিকা আৰু সমাজকৰ্মী যজ্ঞজ্যোতি দাসে ।

অনুষ্ঠানৰ আৰম্ভণিতে দুটি গীত পৰিৱেশন কৰে নগঞা শিল্পী আফজল ইছলামে । সাংবাদিক, নাট সমালোচক জ্যোতিপ্ৰসাদ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বিশিষ্ট সংগীত শিল্পী ৰঞ্জন বেজবৰুৱা, তৰুণ শইকীয়া, চন্দনা বেজবৰুৱা, ঋতুৰাণী মৌচুমী, বীৰেন বিক্ৰম, ৰঞ্জন বৰুৱা, মৃগেন শৰ্মা, নেত্ৰকমল বৰা, ভৱজিৎ কুমাৰ শইকীয়া আদিয়ে জুবিন গাৰ্গে কণ্ঠ নিগৰাই থোৱা গীত পৰিৱেশন কৰাৰ বিপৰীতে মুকুল বৰা আৰু বিদ্যা বৰুৱাই বাদ্যযন্ত্ৰ সংগত কৰে ।

এই অনুষ্ঠানটিতে আবৃত্তিকাৰ লক্ষীপ্ৰভা শ‌ইকীয়াই নাট্যশিল্পী পবিত্ৰ কলিতাই জুবিনৰ মহাপ্ৰয়াণক লৈ লিখা ‘সাগৰত সূৰ্য হেৰাল’ নামৰ বহুল সমাদৃত কবিতাটি আবৃত্তি কৰে । ইপিনে মিমিক্ৰী শিল্পী হিমাংশু বৰ্মনে ‘মায়াবিনী’ গীতটোৰ লগতে গীতটোৰ অন্যতম আকৰ্ষণ ‘হামিং’ পৰিৱেশন কৰি উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে । শেনচোৱাৰ ‘সমন্বয় পথ’ৰ এই অনুষ্ঠানটিত বিশিষ্ট কথাশিল্পী শিৱানন্দ কাকতি, গুৰমাইল সিং, নাট্যশিল্পী পবিত্ৰ কলিতা, সুৰজ কুমাৰ শইকীয়া, প্ৰণৱজ্যোতি বৰদলৈ, সংস্কৃতিবান যুৱক বৰ্ণিল কাশ্যপ, অভিনেতা জিতু মহন্ত, শিক্ষয়িত্ৰী বৰ্ণালী কোঁৱৰ, দুলাৰী ডেকা, নিশামণি বৰা, শিক্ষক পৰাণকৃষ্ণ ভূঞাবৰা আদিকে ধৰি শতাধিক লোক উপস্থিত থাকে ।

Exit mobile version