Morigaon:
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ মহাপ্ৰয়াণৰ পিছৰে পৰা ৰাজ্যজুৰি তেওঁৰ অগনন অনুৰাগীয়ে তেওঁৰ প্ৰতি জনোৱা অকৃত্ৰিম মৰম শ্ৰদ্ধা বিশ্বজুৰি সমাদৃত হৈছে ৷ হাৰ্টথব গৰাকীৰ শেষ আশ্ৰয়স্থল সোনাপুৰৰ কমাৰকুছিত জুবিনৰ সমাধিস্থল নিৰ্মাণৰ বাবে ইটা যোগান ধৰিলে এগৰাকী যুৱতী ব্যৱসায়ীয়ে। জুবিনৰ একান্ত অনুৰাগী মৰিগাঁৱৰ চুম্পি দেৱী নামৰ যুৱ ব্যৱসায়ী গৰাকীয়ে দেখুৱা এই মহানুভৱতাক সকলোৱে শলাগ লৈছে ৷
