Nagaon :
আকাশে-বতাহে যেন এতিয়া তেওঁৰেই সুৰ । আজিও অসমীয়াৰ চকু চকুপানীৰে ভৰপূৰ । আমাৰ তিনিটাকৈ প্ৰজন্মক অসমীয়া গীতৰ মাজত আৱৰি-সামৰি ৰখা মহানায়ক গৰাকীৰ সোণাপুৰত শেষকৃত্য সম্পন্ন হোৱাৰ পিছত নগাঁৱত প্ৰথমবাৰৰ বাবে উৎসৰ্গিত হ’ল তেওঁৰ নামত এটা পথ । নগাঁও চহৰৰ খুটিকটীয়া কলংপাৰৰ নামবিহীন উপ-পথ এটা নতুনকৈ নামাংকিত হ’ল ‘জুবিন গাৰ্গ পথ’ নামেৰে । পথটোৰ আৱাসীসকলৰ মহানুভৱতাৰ পৰিচায়ক এই পথটোৰ কালি সন্ধিয়া নাম ফলক উন্মোচন কৰে নগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ অতুল চন্দ্ৰ পাটৰে । বৰ্ষীয়ান সমাজকৰ্মী মহেশ্বৰ শইকীয়াৰ নেতৃত্বত বন্তি প্ৰজ্বলন কৰি শোভাবৰ্দ্ধন কৰা হয় ‘জুবিন গাৰ্গ পথ’ৰ ।
ইয়াৰ পাছতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাৰ্ঘ নিবেদি ‘জুবিন গাৰ্গ’ পথত অনুষ্ঠিত হয় সংগীতৰ এক বিশেষ অনুষ্ঠান । ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এ. এন. আই.ৰ সাংবাদিক, নাট সমালোচক জ্যোতিপ্ৰসাদ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ নিবেদন কৰা হয় । অসমৰ প্ৰথমটো মহিলা মিউজিকেল বেণ্ডৰ সদস্য, বিশিষ্ট শিল্পী তথা লেখিকা অঞ্জলি মহন্তই মেণ্ডোলিনত অমিয়া সুৰধ্বনি তুলি শুভাৰম্ভ কৰে গীতাঞ্জলিৰ । মুকুল বৰা, লক্ষ্যজ্যোতি কাকতি, ৰাতুল বৰা আৰু দৰ্পন বাৰিকে বাদ্যযন্ত্ৰ সংগত কৰা এই অনুষ্ঠানটিত চন্দনা ডেকা, হিমাংশু বৰ্মন, কীৰ্তিকৃষ্টি বৰা, চন্দনা বেজবৰুৱা, ইন্দ্ৰাণী বৰা, লক্ষ্যজ্যোতি শইকীয়া, প্ৰাঞ্জল বৰুৱা, মনোজ দাস, আফজল হুছেইন, ৰঞ্জন বৰুৱা, মনোজ দাস, সুমন কুমাৰ, চিহাব উল্লা, ইভান কাশ্যপ মেধি, আলম হুছেইন, মৃগেন শৰ্মা, নিশিতা মেধি আৰু সংগীতা মেধিয়ে জুবিন গাৰ্গৰ গীত পৰিবেশন কৰাৰ বিপৰীতে স্বাগতম নাথে বাঁহীবাদনৰ জৰিয়তে সকলোকে মন্ত্ৰমুগ্ধ কৰে ।
দুঘণ্টাজোৰা অনুষ্ঠানটিত ইলোৰা ভূঞাবৰা আৰু ৰঞ্জনা শইকীয়াই জুবিন গাৰ্গক লৈ লিখা দুটি কবিতাও সাৱলীলভাৱে পাঠ কৰে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনী মোহন ডেকা, নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মৃদুল হাজৰিকা, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং, নাট্যশিল্পী ভৱজিৎ কুমাৰ শইকীয়া, প্ৰণৱজ্যোতি বৰদলৈ, নেত্ৰকমল বৰা, শিক্ষক অলক মহন্ত, সাংস্কৃতিক সংগঠক কবিন ভাগৱতী, সোণমণি বৰা আদিকে ধৰি আশীৰো অধিক লোক উপস্থিত থাকে । ‘জুবিন গাৰ্গ পথ’ৰ বাসিন্দা, তথা হাতীচোং মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰাণকৃষ্ণ ভূঞাবৰাৰ শলাগৰ শৰাইৰে এই বিশেষ অনুষ্ঠানটিৰ পৰিসমাপ্তি ঘটে ।






























