প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত শোকৰ বন্যা বৈ থকাৰ সময়তে তেওঁৰ পাৰ্থিৱ শৰীৰ যোৰহাটলৈ অনাৰ দাবীত পথ অৱৰোধ কৰি গ্ৰেপ্তাৰ হোৱা ১৮ যুৱকৰ ১১ জনে গ্ৰেপ্তাৰৰ ২৪ ঘণ্টা নৌহওঁতেই জামিনত মুক্তি লাভ কৰিলে।
উল্লেখ্য যে শিল্পীগৰাকীৰ গৃহ জিলা যোৰহাটলৈ তেওঁৰ নশ্বৰদেহ অনাৰ দাবীত একাংশ শোকস্তব্ধ অনুৰাগীয়ে প্রথমে বৰুৱা চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত দেওবাৰে নিশাৰ পৰা পশ্চিম যোৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।
ফলত জিলাখনত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়। পাছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে নিশা পুলিবৰ থানাত ১২২/২৫ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ৪৯/১২১(২) /৭৪/৭৫(২)/১৮৯(২)/১৮৯(৩)/১৯০/২৮৫/১২৬(২)/২২৩/১৩২ ধাৰাত এটা গোচৰ ৰুজু কৰে।
আৰক্ষীয়ে সোমবাৰে নিশা ঘাইপথ অৱৰোধকাৰীসকলৰ ওপৰত লাঠিচালনাও কৰে। পাছত কালিৰ পৰা অভিযান চলাই আজি দুপৰীয়ালৈ ১৮ জন যুৱকক গ্ৰেপ্তাৰ কৰে। এই সম্পৰ্কত দুপৰীয়া আৰক্ষী অধীক্ষকে এক সংবাদমেলত কয় যে শিল্পী জুবিন গাৰ্গৰ নাম লৈ উদ্ভণ্ডালি কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব।
তেওঁলোকৰ বিৰুদ্ধে ভিডিঅ’ ফুটেজকে ধৰি অন্যান্য তথা-পাতিও সংগ্ৰহ কৰা হৈছে বুলি আৰক্ষী অধীক্ষকজনে সদৰী কৰে। আৰক্ষী অধীক্ষকে এই কথা ঘোষণা কৰাৰ কিছু সময়ৰ পাছতে ধৃত ১৮ যুৱকৰ ১১ জনক আদালতে জামিন দিয়ে। সূত্রই জনোৱা মতে, অভিযুক্তকেইজনৰ বিৰুদ্ধে আদালতত আৰক্ষীয়ে তথ্য-প্রমাণ দাখিল কৰিব নোৱাৰাত এই ১১ জনক আদালতে জামিন প্রদান কৰে।
অৱশ্যে তেওঁলোকে কাইলৈহে মুকলি আকাশৰ তললৈ আহিব পাৰিব। আদালতে জামিন দিয়া এই অভিযুক্তকেইজন হ’ল- প্রিয়াংকু বৰা, বিতোপন দত্ত, মনজিত বৰুৱা, চন্দন দাস, গৌৰীশংকৰ গগৈ, লেখন ৰবিদাস, চুনু শ্বাহ, প্রাঞ্জল ডেকা, অমল বৰা, বিশ্বজিৎ বৰা আৰু দুলুমণি বৰা। ইপিনে, জুবিন গাৰ্গৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা আৰু যোৰহাটত অৰাজক পৰিস্থিতি সৃষ্টি কৰিবলৈ উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰি একাংশই সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধে কালি যোৰহাট আৰক্ষী থানাত তিনিখনকৈ এজাহাৰ দাখিল কৰাৰ পাছত বুধবাৰে ঈশ্বৰ বৰদলৈ নামৰ এজন লোকে আন এখন এজাহাৰ দাখিল কৰে।
এই এজাহাৰত তেওঁ বিক্ষোভকাৰীসকলক উচটনি দিয়া কার্যত দিব্যজ্যোতি শৰ্মা নামৰ এজন লোক জড়িত থকা বুলিও উল্লেখ কৰিছে। উল্লেখ্য যে সাংবাদিক বৰা সম্প্ৰতি পলাতক অৱস্থাত আছে। আনহাতে, আজি যোৰহাটৰ আৰক্ষী অধীক্ষকে সদৰী কৰা অনুসৰি, এই সংক্রান্তত নজনীয়া এটা বিশেষ তদন্তকাৰী গোট (এছআইটি) গঠন কৰা হৈছে। এই ঘটনা সংক্রান্তত বিভিন্ন পক্ষৰ পৰা সাতখন এজাহাৰ যোৰহাট সদৰ আৰক্ষী থানাত দাখিল হৈছে।






























