Asom Sahitya Sabha:
জুবিন গাৰ্গলৈ মৰণোত্তৰভাবে ভাৰত ৰত্ন প্ৰদানৰ দাবী জনালে অসম সাহিত্য সভাই ৷ বৃহস্পতিবাৰে সভাৰ যোৰহাটস্থিত কাৰ্যালয়ত অনুস্থিত এক সংবাদমেল সম্বোধন কৰি সাহিত্য সভাৰ সভাপতি ড:বসন্ত কুমাৰ গোস্বামীয়ে কয়,অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সৃষ্টিৰাজী অপৰিসীম ৷ তেওঁ গোৱা কে’বা সহস্ৰাধিক গীতে অসমবাসীৰ সকলোৱে মন প্ৰাণ চুই গৈছিল ৷ আনকি অসমৰ পৰিধি অতিক্ৰম কৰি দেশৰ ৪০ টা ভাষাত কণ্ঠদান কৰি এক কিংবদন্তীত পৰিণত হৈছিল ৷এনে এজন মহান ব্যক্তিক মৰনোত্তৰ ভাৱে ভাৰত ৰত্নৰে সন্মানিত কৰিব লাগে ৷এনে দাবী সম্বলিত এখন স্মাৰক পত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ কথা সদৰি কৰে সভাপতি গৰাকীয়ে ৷
আনহাতে সভাপতি গৰাকীয়ে আৰু কয় যে জুবিন গাৰ্গৰ সমগ্ৰ ৰচনা হিন্দী , ইংৰাজী অসমীয়া ভাষাত প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সাহিত্য সভাই ৷
একেদৰে ১৯ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈ একেৰাহে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ চিংগাপুৰৰ পৰা অসমলৈ আনি অন্তিম সৎকাৰলৈকে একেৰাহে লাগি থাকি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খন যে ৰাইজৰ চৰকাৰ সেয়া প্ৰতিষ্ঠা কৰিলে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে সাহিত্য সভাৰ সভাপতি গৰাকীয়ে ৷






























