Gohpur:
গহপুৰ সম জিলাৰ অন্তৰ্গত ঐতিহাসিক কল্যাণপুৰ গাঁও পঞ্চায়তৰ হাতীজান খেলপথাৰত দিপৰাৰ ৰাইনো ফুটবল ক্লাবৰ উদ্যোগত নবাৰুণ যুৱক সংঘৰ সহযোগত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে দিপৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছেৰ বাহাদুৰ ছেত্ৰীয়ে অসমবাসীৰ হৃদয়ৰ সংঙ্গীত শিল্পী চলচ্চিত্ৰ পৰিচালক যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ এগৰাকী ফুটবল প্ৰেমী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বয়োজেষ্ঠ গীতিকাৰ ভূমিধৰ দাসে । সমাজকৰ্মী সিদ্ধেশ্বৰ হাজৰিকাই সভাপতিত্বত কৰা সভা খনৰ উদ্দেশ্য বাখ্যা কৰে খেল পৰিচালনাৰ কমিটিৰ সম্পাদক ৰন্তো দাসে ।গহপুৰৰ আগশাৰীৰ ফুটবল দল যোগীবাৰী ঈগল ফুটবল ক্লাব আৰু ব্ৰহ্মাজান দানীগাও ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হোৱা খেল খন সিদ্ধেশ্বৰ হাজৰিকাৰ দ্বাৰা উদ্বোধন কৰা হয় ।
