Shyamkanu Mahanta:গুৱাহাটীত উপস্থিত শ্যামকানু মহন্ত !

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰৰ সম্ভাৱনা

shayam kanu new

Shyamkanu Mahanta:

ৰহস্যজনক পৰিবেশত হোৱা অসম কণ্ঠ জুবিন গাৰ্গৰ অকাল মৃত্যুক জনতাই সহজভাৱে মানি ল’ব পৰা নাই। ছিংগাপুৰত অনুস্থিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ গ্ৰহণ কৰিবলৈ গৈ সমদ্ৰৰ বক্ষত কৰুণ মৃত্যুক সাবটি লোৱা অসমীয়াৰ হিয়াৰ আমঠু জুবিনৰ মৃত্যুৰ বাবে অসমৰ ৰাইজে দায়ী কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ হোতা শ্যামকানু মহন্ত ৷ ইতিমধ্যে ৰাজ্যৰ থানাই থানাই জুবিনৰ অনুৰাগী আৰু গুণমুগ্ধই মহন্তৰ বিৰুদ্ধে ৰজু কৰিছে গোচৰ ৷

জুবিনৰ পাৰ্থিৱ শৰীৰ অসমলৈ অহাৰ দিনাৰ পৰা শেষকৃত্য সম্পন্ন হোৱালৈ আত্মগোপন কৰি থকা শ্যামকানু মহন্ত যোৱা নিশা ১১.৪০ বজাত এয়াৰ ইণ্ডিয়া বিমানযোগে গুৱাহাটীত উপস্থিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷

উল্লেখ্য যে কালি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেলত সদৰি কৰিছিল যে শ্যামকানু মহন্ত আৰু তেওঁৰ অনুষ্ঠানত অসমত অনুষ্ঠান পতাত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে চৰকাৰে ধন দিয়াটো বন্ধ কৰে । একপ্ৰকাৰ ব্লেকলিষ্টেড কৰা হয় শ্যামকানুক।

এনে ঘটনাক্ৰমৰ মাজত মহন্ত গুৱাহাটী উপস্থিত হোৱাৰ পিছতে যিকোনো মুহূৰ্তত চিআইডিয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ এক সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি শ্যামকানু মহন্তই আজিয়ে চিআইডিৰ ওচৰত আত্মসমৰ্পণ কৰিব পাৰে I

Exit mobile version