Durga puja:✒️দেশৰ ৫১ সংখ্যক শক্তিপীঠ নামনি অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ অন্তৰ্গত বগৰীবাৰীৰ মা মহামায়া দেৱালয়ত আৰম্ভ হৈছে ব্যতিক্রমী শাৰদীয় দুর্গোৎসৱ।
প্রায় চাৰিশ বছৰীয়া পৌৰাণিক ব্যতিক্রমী প্ৰথাৰে ৰজাঘৰীয়া নিয়ম অনুসৰি বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই দুর্গা পূজা। ইতিমধ্যে মহালয়াৰ পৰা আৰম্ভ হোৱা পূজাত মাটিৰ প্রতিমাৰ পৰিৱৰ্তে বৈদিক নিয়মৰে ঘট স্থাপন কৰা হয়।এই ঘটতহে পূজা হৈছে।
শক্তিপীঠ দেৱালয়খনত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি চণ্ডী পূজা, সন্ধি পূজা, মাবাই পূজা আৰু পদ্ম পূজা কৰি পুৰাণৰ গীতেৰে দেৱালয় মুখৰিত কৰি তোলে। ইতিমধ্যে অনুমানিক চাৰিশ বছৰৰ পূৰ্বে পৰ্বতঝোৰা ষ্টেটৰ জমিদাৰ হাতীবৰ চৌধুৰীৰ দিনত প্ৰথমবাৰৰ দুর্গা পূজা অনুষ্ঠিত হৈছিল।
পশ্চিম অসমৰ নলবাৰীৰ নৈষ্ঠিক ব্রাহ্মণ পুৰোহিত কন্দর্প নাৰায়ণ চৌধুৰী আৰু তেওঁৰ শিষ্য নাৰায়ণ ব্রহ্মচাৰীয়ে ঐতিহ্যপূর্ণ দেৱালয়ত পুৰণি নীতি-নিয়মৰে প্ৰচলিত ৰীতি অনুসৰি দেৱীৰ সম্মুখত পূজা-আৰাধনা কৰিছিল। পৰম্পৰাগতভাৱে মহালয়াৰ পৰা পূজা আৰম্ভ হ’লেও দশমীৰ দিনালৈকে চণ্ডী পূজা দৈনিক এক লাখ বেলপাতৰে দেৱীক আৰাধনা কৰা হয়।
সেইদৰে সপ্তমীৰ পৰা বলি বিধান হয় যদিও মহানবমীৰ দিনা এক লাখ প্রাণীক বলি দিয়াৰ প্ৰথা প্রচলিত আছে। বিশেষভাবে নৱমীত এইবেলিও কে’বাটাও ম’হ বলিৰে মাৰ ওচৰত উছৰ্গা কৰিব ভক্তই। তাৰ উপৰি মাণ্ডৰ মাছ, কাছ আদিকে ধৰি লক্ষাধিক প্রাণীক বলি দিয়া হ’ব. দশমীৰ দিনা ঘট বিসর্জন দি মনসা পূজা আৰু পঞ্চদেৱতাক পূজা কৰা হয়। তথ্য বিজ্ঞ মহলৰ মতে দেশৰ
দেৱালয়সমূহৰ ভিতৰত বগৰীবাৰীৰ মহামায়া দেৱালয়ৰ দুর্গোৎসৱ সম্পূর্ণ পৃথক আৰু ব্যতিক্রমী। আঠদিনীয়া দেৱালয়ৰ দুর্গা পূজাত প্রতিদিনে দুই কুইণ্টল চাউলৰ ভোগ ভক্তৰ মাজত বিতৰণ কৰা হয়। উল্লেখ্য যে প্রতি বছৰে ঐতিহ্যমণ্ডিত দেৱালয়ৰ পূজা দৰ্শন কৰিবলৈ দেশ তথা বিদেশৰ ভক্ত পর্যটকেও আগমন কৰে। ইপিনে, ৰজাঘৰীয়া ৰীতি-নিয়মৰে বগৰীবাৰীৰ ৰাজবাৰীত থকা আর্ট অব লিভিঙতো পাঁচদিনীয়া কাৰ্যসূচীৰে শাৰদীয় দুর্গোৎসৱ অনুষ্ঠিত কৰিব বুলি গুৰুজী অচ্যুৎ ব্রহ্মচাৰীয়ে জনাইছে।






























