Cm Himanta Viswa Sarma:
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ স’তে সাঙোৰ খোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক মুখ্যমন্ত্ৰী সকীয়নি ৷ আত্মগোপন কৰি থাকি অগ্ৰিম জামিনৰ পৰা বিৰত থাকক ৷ অচিৰেই আত্মসমৰ্পণ কৰক ৷ শনিবাৰে এক ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয়,অসমৰ ৰাইজৰ সন্মুখত শিৰনত কৰি চৰকাৰে বিচাৰি আনিব শ্যামকানু-সিদ্ধার্থক৷ প্ৰতিটো প্ৰশ্নৰ উত্তৰ তন্ন তন্নকৈ দিব লাগিব শ্যামকানু-সিদ্ধার্থই৷
যিদিনা মই বিফল হ’ম, আপোনালোকে মোক শাস্তি দিব ৷ জুবিনক ন্যায় দিব নোৱাৰিলে ‘২৬ত মোক কিয় ভোট দিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয়,ব্যক্তিগত সম্পৰ্কৰ উৰ্ধর্ধত গৈ জুবিনক ন্যায় দিব লাগিব৷ জুবিনক ন্যায় দিয়াটো মোৰ প্ৰধান দায়িত্ব৷ আনহাতে জুবিনৰ ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিবলৈ গৈ একাংশই নেপাল সদৃশ পৰিস্থিতি সৃষ্টি কৰাৰ যি হুংকাৰ দিছে ৷ ই ৰাজ্য খনৰ বাবে এক অশুভ বাৰ্তা৷ অসমক নেপাল কৰাৰ চেষ্টা ভুলতো নকৰিব বুলি সংশ্লিষ্ট সকলক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ৷
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে আজি কেইগৰাকীমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাস্তাত আন্দোলন কৰিছে। পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। আৰু মানুহে সুধিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ’ল? এজন ব্যক্তিৰ নাম অজয় ফুকন। জুবিন গার্গে কৈ গৈছিল এই ব্যক্তিজনৰ জৰিয়তে মোৰ লগত সম্পৰ্ক নকৰিব। এইগৰাকী ব্যক্তিয়ে যোৱা বিধানসভা নিৰ্বাচনত চাবুৱা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল। আনজন ন্যায় বিচৰা ব্যক্তি হ’ল ভিক্টৰ দাস। এগৰাকী সহজ-সৰল ছোৱালীক কেনেকৈ গুৰুলা-গুৰুলকৈ পিটিছিল, তাৰ প্রতিচ্ছবি এতিয়াও আমাৰ সন্মুখৰ পৰা আঁতৰি যোৱা নাই। সেইদিনা জুবিনেও কান্দিছিল, জুবিনে এই ব্যক্তিগৰাকীৰ বিৰুদ্ধে ন্যায় বিচাৰিছিল।
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,শ্যামকানু মহন্তৰ বেংক একাউণ্ট,পানকাৰ্ড, ক্ৰেডিট কাৰ্ড আদি আমি ইতিমধ্যে ফ্রীজ কৰিছো। তেওঁৰ পাৰ্চফট বাতিল কৰাৰ বাবে কেন্দ্ৰক জনোৱা হৈছে ৷ কোনো ক্ষেত্ৰতে শ্যামকানু-সিদ্ধার্থ বিদেশলৈ পলাই যাব নোৱাৰা ব্যৱস্থা গ্ৰহণ কৰিছে চিআইডি- এ ৷
আনহাতে বিটিচিত বিজেপি – ইউপিপিএল পৰাভূতৰ বিপৰীতে বিপিএফৰ ৰাজকীয় উদ্থানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় ,বিটিচি নিৰ্বাচনৰ প্ৰচাৰাভিযানৰ শেষৰ তিনিটা দিন থকা অৱস্থাত হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে আধাতে প্ৰচাৰ সামৰি গুৱাহাটীলৈ উভতি জুবিনৰ পাৰ্থিৱ অনাৰ পৰাৰ শেষ কৃত্য সম্পন্ন কৰালৈকে ব্যস্ত হৈ পৰো ৷ জুবিনৰ দুৰ্ঘটনা নোহোৱাহেতেত হয়তু ১১-১২খন বৃদ্ধি পালেহেতেন ৷
বিজেপিয়ে কোনোবা আসন ১৫০ ভোটত, কোনোবা আসনত ২০০ ভোটত হাৰিছে, কাৰণ আমি শেষৰ তিনিদিন গুছি আহিলো, ৰাজনীতিতকৈ আমি জুবিনৰ দুৰ্ঘটনাটোক বেছি গুৰুত্ব দিলো ৷ যিকি নহওক ৷বিপিএফ ,ইউপিপিএল আৰু বিজেপি এন ডিএৰ অংশীদাৰ ৷ নিৰ্বাচনত যদিও তিনিটা দলে সুকীয়া সুকীয়াকৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল ৷ এতিয়া বিপিএফে চৰকাৰ বনোৱা মানে এন ডি এ চৰকাৰ বনোৱা ৷সেয়েহে আমি বিপিএফৰ অংশীদাৰ হৈ সমৃদ্ধিশালী বড়োভূমি নিৰ্মাণ কৰাত আত্মনিয়োগ কৰিম ৷ আমি চৰকাৰৰ অংশীদাৰ হ’ম ৷
আনহাতে মুখ্যমন্ত্ৰীয়ে ADREৰ তৃতীয় বৰ্গৰ ফলাফলৰ সন্দৰ্ভত কয়, সকলো জল্পনাকল্পনা অন্ত পেলাই ১০ অক্টোবৰত ঘোষণা কৰা হ’ব ADREৰ তৃতীয় বৰ্গৰ ফলাফল৷ ১৫ অক্টোবৰত ঘোষণা কৰা হ’ব ADREৰ চতুৰ্থ বৰ্গৰ ফলাফল৷ একেদৰে ১০ অক্টোবৰত ঘোষণা কৰা হ’ব অসম আৰক্ষীৰ উপ- পৰিদৰ্শক পৰীক্ষাৰ ফলাফল৷ তদুপৰি ১২ অক্টোবৰত ঘোষণা কৰা হ’ব স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ ফলাফল ৷ এই সকলোবোৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থী সকলে নিযুক্তি লাভ কৰিব নৱেম্বৰ মাহত ৷
