Supermassive black holes:✒️এয়া যেন আক্ষৰিক অর্থতে মহাবিশ্বৰ প্রাচীনতম প্রহেলিকা। মহাবিশ্বৰ বুকুত লুকাই থকা অগণন ৰহস্যৰ ভিতৰত সম্ভাৱতঃ সবাতোকৈ অদ্ভুত হৈছে আদিম কৃষ্ণগহ্বৰ বা ‘প্রাইমর্ডিয়াল ব্লেক হোল’। সাধাৰণ কৃষ্ণ গহ্বৰৰ দৰে কোনো নক্ষত্ৰৰ মৃত্যুৰ পাছত ইহঁতৰ জন্ম নহয়।
বিজ্ঞানীসকলৰ মতে, এইবোৰৰ সৃষ্টি হৈছিল ‘মহা বিস্ফোৰণ’ (বিগ বেং)ৰ ঠিক পাছৰ মুহূৰ্তত। সেই সময়ত মহাশূন্য ইমানেই ঘন সন্নিবিষ্ট আছিল যে কিছু ক্ষুদ্রাতিক্ষুদ্র অঞ্চলে নিজৰ বিপুল ঘনত্বৰ ভাৰতে সংকুচিত হৈ কৃষ্ণ গহ্বৰত পৰিণত হয়।
গ্রহ বা নক্ষত্ৰৰ স’তে এইবোৰৰ কোনো তুলনা নহয়। কিছু আদিম কৃষ্ণ গ্ৰহ্বৰ আয়তনত এটা পৰমাণুতকৈও সৰু হ’ব পাৰে, অথচ সিবোৰৰ ভৰ হ’ব পাৰে এখন ডাঙৰ পৰ্বততকৈও বেছি। আকৌ কিছু কৃষ্ণ গহ্বৰৰ আকাৰ হয়তো এটা ফুটবলৰ দৰে।
একাংশ বিজ্ঞানীয়ে ধাৰণা কৰিছে যে ইবোৰৰ অস্বাভাৱিক আকাৰ আৰু ঘনত্বৰ কাৰণেই মহাবিশ্বত বিয়পি থকা ৰহস্যময় ক’লা বস্তু (ডার্ক মেটাৰ) ৰ এটা বৃহৎ অংশ হয়তো এই আদিম কৃষ্ণ গহ্বৰৰ পৰাই গঠিত।
এই কৃষ্ণ গ্ৰহ্বৰ ইমান স্বতন্ত্র কিয়? ইহঁতৰ অনন্যতাৰ প্ৰধান কাৰণ হৈছে ইহঁতৰ উৎস। য’ত সাধাৰণ কৃষ্ণ গহ্বৰ সৃষ্টি হয় মৃতপ্রায় নক্ষত্ৰৰ পৰা, তাত প্রাইমর্ডিয়াল ব্লেক হোলৰ জন্ম মহাবিশ্বৰ একেবাৰে শৈশৱত। ইহঁতৰ আৰু এটা বিস্ময়কৰ বৈশিষ্ট্য হৈছে ক্ষুদ্র শৰীৰত বিপুল ভৰ। এটা বালিকণাত কৈও সৰু আকাৰৰ কৃষ্ণ গহ্বৰৰ ওজন হ’ব পাৰে কে’বাশ কোটি টন।
সাম্প্রতিক এক গবেষণাই জনাইছে যে এইবোৰ ইমানেই ক্ষুদ্র যে অনায়াসে গ্রহ, পাথৰ বা আনকি মানুহৰ শৰীৰো ভেদ কবি গুচি যাব পাৰে, অথচ কোনেও ভূ-কে নাপাব। পাছফালে ৰাখি যায় কেবল আণুবীক্ষণিক ছাপ, তাৰ পৰা অৱশ্যে কোনো ক্ষতি নহয়। একাংশ বিজ্ঞানীয়ে ধাৰণা কৰে যে মহাবিশ্বত যদি এইবোৰৰ সংখ্যা বিপুল পৰিমাণ হয়, তেতিয়া হাতীপটিৰ গঠন নিয়ন্ত্রণকাৰী অদৃশ্য ‘ডার্ক মেটাৰ’ৰ ৰহস্যৰ সমাধান হ’ব পাৰে।
ইয়াৰ ঠিক বিপৰীতে আছে নাক্ষাত্রিক বা ‘ষ্টেলাৰ ব্লেক হোল’, যিবোৰক চিনাক্ত কৰা অতি সহজ। কাৰণ নক্ষত্ৰৰ বিস্ফোৰণৰ পৰা জন্ম পোৱাৰ বাবে এইবোৰে পাৰিপার্শ্বিক পৰিৱেশৰ স’তে প্রবলভাবে বিক্রিয়া ঘটায়; কিন্তু আদিম কৃষ্ণ গহ্বৰবোৰ বিচাৰি পোৱাটো প্রায় অসম্ভব।
এইবোৰে মহাজাগতিক ছায়ামূর্তিৰ দৰে নীৰৱে ব্রহ্মাণ্ডত ভাহি ফুৰে। কিছু বিজ্ঞানীৰ মডেল অনুসবি, প্রতি দশকত অন্ততঃ এটাকৈ এনে কৃষ্ণ গহ্বৰ আমাৰ সৌৰজগতৰ মাজেৰে পাৰ হৈ যাব পাৰে, যাৰ গতি আমি নিৰ্মাণ কৰা যিকোনো মহাকাশ যানৰ তুলনাত অতি বেছি।
যদিও এই ধৰণৰ কৃষ্ণ গহ্বৰ এতিয়াও তাত্ত্বিক স্তৰতে আছে, তথাপি এই কৃষ্ণ গহ্বৰে আমাক মনত পেলাই দিয়ে যে মহাবিশ্বৰ ঊষালগ্নৰ অসংখ্য গোপন কথা এতিয়াও আমাৰ অজ্ঞাত। এইবোৰক লৈ কৰা গৱেষণাই হয়তো ভৱিষ্যতে ‘ডার্ক মেটাৰ’, হাতীপটিৰ গঠন সম্পর্কেও নতুন দিগন্তৰ সন্ধান দিব পাৰে।
