Maharashtra:✒️ধাৰাবাহিক বৰষুণত বিপৰ্যস্ত মহাৰাষ্ট্ৰ। বিগত ২৪ ঘন্টাত ১০ জন লোকৰ মৃত্যু হৈছে। ১১,৮০০ লোকক উদ্ধাৰ কৰা হৈছে। মুম্বাইতো শনিবাৰৰ পৰা ধাৰাসাৰ বৰষুণ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি নাচিকত চাৰি জন লোকৰ মৃত্যু হৈছে।
ধাৰাসাৰ বৰষুণৰ বাবে গোদাৱৰী নদীৰ জয়কৱাড়ী মথাউৰিৰ আটাইকেইখন গেট মুকলি কৰা হৈছে। ছাত্রপতি সম্ভাজিনগৰতো বানপানীৰ আশংকা।
তাতে সাত হেজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। যোৱা ২৪ ঘন্টাত অঞ্চলটোত ১৯৬ মিলিমিটাৰ বৰষুণ হৈছে। কেবাখনো জিলাত মুষলধাৰ বৰষুণৰ হৈছে।
সমগ্ৰ মহাৰাষ্ট্ৰত ১৬টা এন ডি আৰ এফৰ দল মোতায়েন কৰা হৈছে, পুনেস্থিত মুখ্য কাৰ্যালয়ত আৰু দুটা দল সাজু কৰি ৰখা হৈছে।
ইফালে, শনিবাৰে নিশাৰ পৰা মুম্বাইত ধাৰাসাৰ বৰষুণ হৈ আহিছে। দেওবাৰে মহানগৰ আৰু উপকণ্ঠ অঞ্চলৰ কিছু অঞ্চলত পুৱা আঠ বজাৰ পৰা দুপৰীয়া এক বজাৰ ভিতৰত ৫০ মিলিমিটাৰতকৈও অধিক বৰষুণ হয়।
বৰষুণৰ ফলত পথ আৰু ৰে’ল সেৱাও ক্ষতিগ্ৰস্ত হয়।দেওবাৰে পুৱা আঠ বজাৰ পৰা দুপৰীয়া এক বজাৰ ভিতৰত মহানগৰীত গড়ে ৪৭.৪৭ মিলিমিটাৰ বৰষুণ হয়।
পশ্চিম উপকণ্ঠ অঞ্চলত ৫৩.৬১ মিলিমিটাৰ আৰু পূব উপকণ্ঠ অঞ্চলত ৩৭.৯২ মিলিমিটাৰ। যোৱা ২৪ ঘন্টাত থানেত প্ৰচণ্ড বৰষুণ।থানেৰ ৭১টা পৰিয়ালৰ ২৬২ জন লোকক উদ্ধাৰ কৰা হৈছে।






























