BPF:✒️অহা পাঁচ অক্টোবৰত বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিটিচিৰ নতুন কাৰ্যবাহী পৰিষদে শপতগ্ৰহণ কৰিব। এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। পূর্বতে তিনি অক্টোবৰত মহিলাৰীয়ে শপতগ্ৰহণ কৰাৰ কথা আছিল। বিটিচি নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে তেওঁ বিভিন্ন সভাত তিনি অক্টোবৰত শপতগ্রহণ অনুষ্ঠানলৈ ৰাইজক নিমন্ত্রণ দিছিল।
দেওবাৰে পুৱা মহিলাৰী, বিপিএফৰ বিধায়ক দুর্গা দাস বড়ো সমন্বিতে সদ্য নির্বাচিত প্রতিনিধিসকলে ৰাজ্যপাল আচাৰ্যক সাক্ষাৎ কৰে। এই সাক্ষাতৰ অন্তত মহিলাৰীয়ে সাংবাদিকৰ আগত কয় যে পৰম্পৰা অনুসৰি ৰাজ্যপালক শপতগ্রহণ অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা হৈছে আৰু সেইমৰ্মে তিনি অক্টোবৰত কোকৰাঝাৰত উপস্থিত থাকিব বুলি ৰাজ্যপাল আচার্যই সম্মতি জনাইছে।
তেওঁ কয়, ‘আলোচনা অতি সৌহার্দ্যমূলক হৈছে। তিনি অক্টোবৰত ৰাজ্যপাল আচাৰ্যৰ জন্মদিন বুলি আমি অৱগত হ’লো। তেওঁ কোকৰাঝাৰলৈ গ’লে আমি জন্মদিন উদ্যাপন কৰিম।’ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মহিলাৰীয়ে কয় যে বিজেপি আৰু ইউপিপিএলৰ মুৰব্বী প্রমোদ বড়োৱে নতুন পৰিষদক সহযোগিতা কৰিব বুলি বিবৃতি-ভাষ্য প্রকাশ কৰিছে।
তেওঁ কয়, ‘ইউপিপিএলৰ মুৰব্বী প্রমোদ বড়োৰ বিবৃতি আমি দেখিছো আৰু মুখ্যমন্ত্রীয়েও ভাষ্য প্রকাশ কৰা দেখিছো। কোনোবাই যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে তেন্তে আমি নস্যাৎ নকৰো। ইউপিপিএলৰ মুৰব্বী আৰু মুখ্যমন্ত্রী দুয়োকে আমি আদৰণি জনাইছো। কাইলৈ বা পৰহিলৈ বিপিএফৰ বৈঠকত এই বিষয়টোক লৈ আলোচনা হ’ব।’
তেওঁ এইদৰেও কয় যে বিটিচিৰ স্বাৰ্থত যাৰ লগত থাকিলে ভাল হ’ব, সেই কথাই তেওঁলোকে চিন্তা-চৰ্চা কৰিব। আনহাতে, আগন্তুক লক্ষ্য কি হ’ব বুলি সোধাত তেওঁ কয়, ‘আমাৰ এক নম্বৰ লক্ষ্য হ’ব মাটি পট্টা প্রদান। চিধা কথা।’ মুখ্যমন্ত্রীক আজি সাক্ষাৎ কৰিব নেকি সোধাত তেওঁ কয়, ‘অসমৰ বচক যদি নামাতো কেনেকৈ হ’ব? মুখ্যমন্ত্ৰীক সন্ধিয়া সাক্ষাৎ কৰিম। পাৰিলে কেন্দ্রীয় কেবিনেট মন্ত্রী এজনকো আনিবলৈ চেষ্টা কৰিম।’
ইয়াৰ পাছত সন্ধিয়া মুখ্যমন্ত্রীক সাক্ষাতৰ পাছতে তিনি অক্টোবৰৰ সলনি পাঁচ অক্টোবৰত দিন ধার্য কৰা হয়। বিধায়ক বড়োবে জনোৱা মতে, দুর্গা পূজাৰ দেবী বিসর্জন দুদিনীয়া হ’ব আৰু তিনি অক্টোবৰত ৰাজ্যপালৰ জন্মদিনো আছে। চাৰিত শনিবাৰ হ’ব আৰু সেয়েহে দেওবাৰে দিনৰ ১১ বজাত শপতগ্রহণ অনুষ্ঠিত হ’ব কোকৰাঝাৰত। ইয়াত মুখ্যমন্ত্রী আৰু ৰাজ্যপাল উপস্থিত থাকিব।
প্রায় আধা ঘণ্টাজোৰা আলোচনাত আন বিষয়েও আলোচনা হৈছে। পূৰ্বৰ চৰকাৰৰ প্ৰশাসনিক ভুল-ত্রুটিৰ বিষয়ে আজি বিপিএফ আৰু মুখ্যমন্ত্ৰীৰ মাজত আলোচনা হয়। এই সম্পর্কে শপতগ্ৰহণৰ পাছত মহিলাৰী আৰু মুখ্যমন্ত্ৰীয়ে আলোচনা কৰি থিৰাং কৰিব।
সূত্ৰত প্রকাশ যে প্রমোদ বড়ো নেতৃত্বাধীন বিটিচি প্রশাসনৰ বিত্তীয় বিষয়সমূহ কালি কিছু আলোচিত হয়। মুখ্যমন্ত্রীয়ে এই বিষয়ে বুজ ল’বলৈ পৰামৰ্শ দিয়ে মহিলাৰীক। তদুপৰি নিৰ্বাচনৰ বাবে কেন্দ্রীয় পুঁজি মুকলি কৰি দিয়া হোৱা নাছিল যদিও এই পুঁজি মহিলাৰী প্ৰশাসনক মোকলাই দিয়া হ’ব বুলিও আলোচনা হয়।
মনকৰিবলগীয়া যে প্রমোদ বড়োবে উপায়ুক্তসকলক বিটিচিৰ সচিবৰ মৰ্যাদা দিছিল আৰু ইয়াকে লৈ বিতর্কও হৈছিল। এই কাৰ্যৰ ফলত বিটিচিৰ ১৯টা বিভাগৰ কাম-কাজৰ পুনৰীক্ষণ কৰিবলৈ সক্ষম হৈছিল উপায়ুক্তসকল। ফলত ৰাজ্য চৰকাৰে বিটিচিৰ বিভাগ নিয়ন্ত্রণ কৰা বুলিও এটা বিতৰ্কৰ সূচনা হৈছিল। কালি এই বিষয়টো উত্থাপন কৰা হয়।
সূত্ৰত প্রকাশ যে মুখ্যমন্ত্রী শর্মাই বিটিচি প্রশাসনে বিচৰা ধৰণেই কৰিব বুলি আশ্বাস দিয়ে। সেইমৰ্মেই পূৰ্বৰ প্ৰশাসনে বিচৰা ধৰণেই উপায়ুক্তসকলক চাবলৈ দিয়া হৈছিল। বিপিএফৰ সূত্ৰত প্ৰকাশ যে এই সম্পর্কে জাননী প্রত্যাহাৰ কৰা হ’ব। বিভিন্ন বিষয়ত মুখ্যমন্ত্ৰীৰ স’তে আলোচনাৰ বাবে মহিলাৰীক দলে কর্তৃত্ব দিছে। সেয়েহে অনাগত সময়ত মিত্ৰতাৰ বিষয়টো মহিলাৰীয়ে আলোচনা কৰি সিদ্ধান্ত ল’ব।






























