Akhil Gogoi:
জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী ৷ আজি জুবিনৰ মৃত্যুৰ এঘাৰদিন ৷এই উপলক্ষে অনুষ্ঠিত হয় আদ্যশ্ৰাদ্ধ ৷ আদ্যশ্ৰাদ্ধত অংশ ল’বৰ বাবে পুৱাৰে অগনন জুবিন অনুৰাগীৰ ভীৰ জুবিনৰ কাহিলীপৰাস্থ বাসগৃহত।
আজি আদ্যশ্ৰাদ্ধস্থলীত উপস্থিত হয় ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ৷ শোকসন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জনোৱাৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় ,আজি জুবিনদাৰ মৃত্যুৰ এঘাৰ দিন ৷ কিন্ত এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই মৃত্যুৰ ঘটনাৰ জড়িত সকলক। ‘চৰকাৰ-প্ৰশাসন জবাবদিহি হ’বই লাগিব ৷
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াক লৈ মই অসন্তুষ্ট । জুবিনদাই ন্যায় নোপোৱালৈকে ক্ষান্ত নহওঁ৷ মঙলবাৰৰ পৰা আমি প্ৰতিবাদত বহিম । তদন্ত বাবে যদি প্ৰয়োজন হয় বিধায়ক পদ ত্যাগ কৰিম। এইদৰে হুংকাৰ প্ৰদান কৰে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে।
ADVERTISEMENT






























