NSA Act:
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰে নাম সাঙোৰ খোৱা জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবীত দতাঁলপাৰাস্থ ঘৰৰ সন্মুখত অন্য অন্যৰাগীৰ স’তে ভিক্টৰ দাস আৰু অজয় ফুকনে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে ৷
আনহাতে এই গোচৰত জামিন পাইছিল যদিও পুনৰ গ্ৰেপ্তাৰ কৰা হয় ভিক্টৰ দাস আৰু অজয় ফুকনক ৷ ১৪ দিনৰ বাবে ন্যায়িক জিন্মাত থকা দুই অনুৰাগীৰ বিৰুদ্ধে আজি নতুনকৈ সংযোজন কৰা হয় ৰাষ্ট্ৰীয় নিৰাপত্তা আইন চমুকৈ এনএছএ ৷ আৰক্ষীৰ মতে,ৰাজহুৱা স্থানত দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা মন্তব্য কৰিছিল দুয়োৱে ৷
ADVERTISEMENT






























