HSLC Examination Started:
আজিৰ পৰা অনুষ্ঠিত হ’ল চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। একেদৰে ১১ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। তাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে প্রস্তুতি সম্পূৰ্ণ কৰাৰ সমান্তৰালকৈ আৰক্ষীয়েও নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীৰ সংখ্যা হ’ল ৪,৩৮,৫৬৫ গৰাকী। মুঠ ১,০৪৬টা কেন্দ্রত এই পৰীক্ষা অনুষ্ঠিত হ’ব। যোৱাবাৰ এই কেন্দ্ৰৰ সংখ্যাআছিল ৯১২টা। একেদৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অবতীর্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ’ল ৩,৩০,৭৪৪ গৰাকী। এই পৰীক্ষা অনুষ্ঠিত হ’ব ৮২১ টা কেন্দ্রত। যোৱাবাৰতকৈ এইবাৰ ৬৫টা কেন্দ্ৰ বৃদ্ধি হৈছে। এইবাৰ দুয়োটা পৰীক্ষাই সম্পূৰ্ণৰূপে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত অনুষ্ঠিত হ’ব।
একেদৰে নিৰীক্ষকৰ দায়িত্বতো চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্রী আছে । বিদ্যালয় শিক্ষা বিভাগৰ অধ্যক্ষ আৰ চি জৈনে সদৰী কৰা অনুসৰি, হাইস্কুল শিক্ষান্ত পৰীক্ষাত নতুনত্ব হিচাপে এইবাৰ প্ৰতিটো ভাষাৰে পৃথক পৃথক প্রশ্নকাকত থাকিব। ইয়াৰ পূৰ্বে একেখন প্রশ্নকাকততে আটাইকেইটা ভাষাৰপ্রশ্নকাকত সন্নিৱিষ্ট হৈছিল।
ইপিনে, পৰীক্ষা সম্পূর্ণ সুৰক্ষিতভাৱে অনুষ্ঠিত কৰিবলৈ আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে। তদুপৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ বাহিৰে-ভিতৰে চিচি টিভিও সংস্থাপন কৰা হৈছে। এই সন্দৰ্ভত অসম আৰক্ষীয়ে আজি এক জাননীত উল্লেখ কৰে যে দুষ্কৃতিকাৰীয়ে এই পৰীক্ষা ব্যৱস্থাত খেলিমেলি সৃষ্টি কৰিব বিচৰাৰ পূৰ্বৰ উদাহৰণ বোৰৰ ভিত্তিত নিয়ম অনুসৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে। পৰীক্ষা মুক্ত আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰিবলৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ চৌদিশে ১৬৩ ধাৰা আৰোপ কৰা হৈছে। ইয়াৰ জৰিয়তে পৰীক্ষাৰ্থী আৰু পৰীক্ষাৰ দায়িত্বত থকা সকলৰ বাহিৰে পৰীক্ষা কেন্দ্ৰৰ এশ মিটাৰ ব্যাসার্ধৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব।



































