Zubeen Garg:
জুবিনবিহীন ১১টা দিন পাৰ কৰিলে ৰাজ্যবাসীয়ে। আজি হাৰ্টথ্ৰৱ গৰাকীৰ কাহিলীপাৰাৰ বাসগৃহত ৰীতি-নীতিৰে আদ্যশ্রাদ্ধৰ মাংগলিক অনুষ্ঠান আৰম্ভ হয় ৷ আনহাতে আদ্যশ্রাদ্ধত অংশ লবৰ বাবে জুবিনৰ কাহিলীপাৰাৰ বাসগৃহ অগনন লোকৰ সোঁত বৈছে। দিনটোত নাম প্ৰসংগৰ লগতে অন্যান্য মাংগলিক অনুষ্ঠান অনুস্থিত হ’ব ৷ আনহাতে যোৱাকালি দহা উপলক্ষে ধৰ্মীয় ৰীতি-নীতি অনুসৰি আজি শিল্পী গৰকীৰ পৰিয়ালৰ লোকে মহানগৰীৰ শুক্লেশ্বৰ ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত পিণ্ডদান কৰাৰ লগতে মুণ্ডল কাৰ্য সম্পন্ন কৰে I

ADVERTISEMENT






























