ABSU:
যোৱা পাঁচ বছৰত বিটিআৰ অঞ্চলত সকলো জাতি-জনগোষ্ঠীৰ মাজত মাজত মিলাপ্রীতি-শান্তিৰ বাতাবৰণ ঘূৰি আহিল, হত্যা-হিংসা বন্ধ হ’ল। তেনেকুৱা সুস্থিৰ পৰিৱেশৰ মাজেৰে বিটিচিখন আগবঢ়াই নিয়াৰ বাবে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক আহ্বান জনাইছো।’
এই মন্তব্য নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ সভাপতি দ্বীপেন বড়োৰ। শেহতীয়া বিটিচি নির্বাচনটো শান্তিপূর্ণভাৱে সম্পন্ন হোৱা হেতুকে সকলো পক্ষকে তেওঁ ধন্যবাদ জনাই কয়, ‘ৰাইজে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক আস্থা আৰু বিশ্বাসত লৈ যি জনাদেশ দিলে এই ছেগতে মই মহিলাৰীক ধন্যবাদ জনাইছো।’ পঞ্চম বিটিচি নির্বাচনী ফলাফলৰ পাছত এবছুৰ ওদালগুৰি জিলা সমিতিৰ কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত নিজৰ প্ৰতিক্রিয়া ব্যক্ত সভাপতি বড়োৱে পুনৰ কয়, ‘আমি নিৰ্বাচনৰ পূৰ্বে কৈছিলো যে বিটিআৰ অঞ্চলৰ আঞ্চলিক শক্তিসমূহে এক হৈ এই আঞ্চলিক শক্তিয়ে
বিটিআৰৰ ‘ষ্টিয়েৰিং’ ধৰিব লাগে। সেই অনুসৰি বিটিচিবাসীয়ে এটা আঞ্চলিক দলৰ সপক্ষে জনাদেশ দিয়াত আমি সকলোকে ধন্যবাদ জনাইছো। যিহেতু হাগ্রামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফে অকলে চৰকাৰ গঠন কৰিবলৈ গৈ আছে,সেয়েহে চৰকাৰ গঠনৰ পাছত আমাৰ এটাই দাবী থাকিব যাতে বিটিআৰ চুক্তিৰ দফাসমূহ তেওঁ আগুৱাই নিয়ে। কিয়নো ২০২০ৰ বিটিআৰ শান্তি চুক্তিৰ এগৰাকী স্বাক্ষৰকাৰীৰূপে আছিল হাগ্রামা মহিলাৰী। গতিকে আমাৰ আহ্বান চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীক মুকৰি কৰা, বিটিচিৰ পৰিসীমা বৃদ্ধি কৰা, সংবিধানৰ ১২৫ নম্বৰ সংশোধন কৰা, ভিচিডিচি নির্বাচন অনুষ্ঠিত কৰা, কেন্দ্ৰীয় চৰকাৰৰ পৰা বিটিআৰলৈ পোনপটীয়াকৈ ধন অহা ইত্যাদি বিষয়সমূহ চৰকাৰত থাকি ১০০ শতাংশ ৰূপায়ণ লাগে মহিলাৰীয়ে। অন্যথা গণতান্ত্রিক দাবীৰে এবছুরে আগুৱাই যাম। নতুন চৰকাৰখনে আমাৰ পৰা যেনেধৰণে সহযোগিতা বিচাৰে, আমি প্রয়োজনসাপেক্ষে সহযোগিতা আগবঢ়াই যাম।’ আনহাতে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বড়োৱে কয়, ‘বিটিচি আৰু বিটিআৰ এই দুইখনেই সংবিধানৰ জৰিয়তে স্বাক্ষৰ হোৱা চুক্তি। গতিকে কোনো এখন চুক্তিকে কোনেও উলাই কৰিব নালাগে। হাগ্রামা মহিলাৰীয়ে প্ৰথমে চৰকাৰ গঠন কৰি লওক, পৰৱৰ্তী সময়ত চুক্তি সন্দৰ্ভত আমাৰ দাবী উত্থাপন কৰিম। এবছু হৈছে এটা জাতীয় সংগঠন, গতিকে বিটিআৰৰ ৩৫ লক্ষ জনতাৰ ওচৰত আমি দ্বায়বদ্ধ।’
ইফালে,উচ্ছেদ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত বড়োৱে কয়, ‘যোৱা পাঁচ বছৰত বিটিআৰত কোনো ধৰণৰ উচ্ছেদ হোৱা নাই আৰু বিটিআৰ চুক্তিতো কোনো ধৰণৰ উচ্ছেদ কৰিব লাগে বুলি লিখা নাই। বিগত নির্বাচনত বহুতে বিটিআৰতো উচ্ছেদ হ’ব বুলি ভুৱা ফটো-ভিডিঅ’ প্ৰচাৰ কৰি ভোট খুজিছিল।’ লক্ষ্যণীয়ভাবে বিটিআৰত পুনৰ অশান্তিৰ পৰিৱেশ ঘূৰি অহাৰ আশংকা কৰিছে এবছুৰ সভাপতিজনে। এই সন্দর্ভত বড়োৱে কয়, ‘যোৱা পাঁচ বছৰত বিটিআৰৰ কোনো ঠাইত হত্যা, হিংসা, বাৰুদ,গুলিবর্ষণ সংঘটিত হোৱা নাই; কিন্তু সদ্য সমাপ্ত বিটিআৰ নিৰ্বাচনৰ ফলাফলৰ পাছত বিজয় উল্লাসৰ নামত এবছু কার্যালয়লৈ ফটকা দলিওৱা, এবছু কৰ্মীৰ ঘৰৰ সন্মুখত লাউডস্পীকাৰ বজোৱা, ফটকা দলিওৱা, আক্ৰমণ কৰা, তাণ্ডৱ লীলা চলোৱা কার্য দেখি আমি হতবাক হৈছো।’ লগতে সকলো পক্ষকে এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ এবছু সভাপতি বড়োৱে আহ্বানজনায়। সংবাদমেলত এবছু নেতা কর্ণেলিয়াছ দৈমাৰী, আনন্দ দৈমাৰী, ৰমিঅ’ বসুমতাৰীও উপস্থিত থাকে।
