Nalbari:
ৰূপং দেহি জয়ং দেহি যশো দেহি দ্বিষোজহি”। ‘যা দেৱী সর্বভূতেষু শক্তি ৰূপেণ সংস্থিতা নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ…’। কালি সপ্তমী পুজা সম্পন্নৰ পিছত আজি মহাঅষ্টমী । এইখিনি সময়ত অসমৰ ঐতিহাসিক আধ্যাত্মিক ক্ষেত্র বেলশৰৰ বিল্বেশ্বৰ দেৱালয়লৈ যেন নামি আহিছে কাশীৰ আধ্যাত্মিক পৰিৱেশ। পুৱাৰে পৰা মাজনিশা – পর্যন্ত বাজি আছে যশোদেহী, ৰূপম দেহী আদি দুর্গস্তুতি। সনাতনী ৰীতি– নীতি অনুযায়ী পূজা-অর্চনা চলি থকাৰ – লগতে ৰং-বিৰঙৰ আলোকসজ্জাৰে – আলোকিত হৈ পৰিছে বিল্বেশ্বৰ দেৱালয় চৌহদ আৰু ইয়াৰ বাট-পথ। ৫২ খনকৈ আলোকসজ্জিত – তোৰণেৰে আদৰণি জনোৱা হৈছে ভক্ত তথা অনুৰাগীক। থলুৱা শিল্পীৰ হাতেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে – বাঁহৰ এখন তোৰণ।
ইয়াৰ মাজতে যষ্ঠী পূজাৰ দিনটোত জনোৱা হ’ল অসমবাসীৰ হার্টথ্ৰ’ব জুবিন গাৰ্গৰ অনাহুত মৃত্যুৰ ন্যায় বিচাৰি অসমৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত দেৱী দুর্গ মাতৃক প্রার্থনা। দুর্গা পূজা পৰিচালনা সমিতি, বিল্বেশ্বৰ দেৱালয় পৰিচালনা সমিতি তথা অগণন ভক্তই জনালে এই প্রার্থনা। লগতে দেৱী দুর্গা মাতৃয়ে ইয়াৰ ন্যায় অসমবাসীক দিয়াটো নিশ্চিত বুলি বিশ্বাস প্রকাশ কৰিলে দেৱালয়খনৰ দলৈ বজিত – মিশ্রই। কালি সন্ধিয়া ‘দৈনিক অগ্রদূত’ক এই বিশ্বাস সদৰী কৰিলে দলৈ মিশ্রই কয়, ‘সমগ্র অসমবাসীৰ লগতে আমিও জুবিনক হেৰুওৱাৰ – দুখ আৰু ক্ষোভত ভাৰাক্রান্ত হৈ আছো। কিন্তু চিৰাচৰিত আধ্যাত্মিক – নিয়ম-নীতি আমি পালন কৰিবই – লাগিব। তাৰ মাজতে আমি দেৱী দুর্গা মাৰ ওচৰত ইতিমধ্যে প্রার্থনা জনাইছো জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি। আমাৰ বিশ্বাস দেৱী দুর্গাহ – অসমবাসীক অচিৰে ন্যায় দিবই।’ ইয়াৰ লগে লগে দলৈজনে প্রকাশ কৰে যে বিল্বেশ্বৰ দেৱালয়ৰ এক বিশেষ মহত্ব আছে। ইয়াত ভক্তসকলৰ প্ৰাৰ্থনা দুর্গা মাই পুৰণ – কৰে।
আনহাতে, আজি মহাঅষ্টমীৰ দিনত সন্ধি পূজাত লক্ষাধিক চাকি প্রজ্বলন কৰা হ’ব বুলি দলৈজনে প্রকাশ কৰে। তেওঁ কয়, ‘অষ্টমীৰ দিনটোত দিনৰ ১-৩০ বজাত অনুষ্ঠিত হ’ব সন্ধি পূজা। ৪৮ মিনিটৰ এই পূজাৰ সময়খিনিত প্রতিটো পৰিয়ালে ১২০ গছিকৈ চাকি-বস্তি জ্বলাব। অর্থাৎ, মাত্র ৪৮ মিনিটৰ ভিতৰতে জ্বলি উঠিব লক্ষাধিক চাকি। মুহূৰ্তৰ ভিতৰতে এক বিশেষ পৰিৱেশ গঢ় লৈ উঠে এই সময়খিনিত।
অসমবাসীৰ লক্ষ্য থাকে ইয়াৰ ম’ই বলিৰ ওপৰত। ম’ই বলিৰ এই সময়খিনিত বিভিন্ন প্ৰান্তৰ পৰা ডেৰ-দুইলাখ ভক্তৰ আগমন ঘটে। আনকি বিদেশৰ পৰাও দুই-চাৰিজন ভক্তৰ আগমন ঘটে। যোৱা বছৰ পোলেণ্ডৰ দুগৰাকী ভক্ত এই অনুষ্ঠানত উপস্থিত হৈছিল। এইবাৰো চাৰি-পাঁচজনমান বিদেশী ভক্তৰ আগমন ঘটাৰ সম্ভাৱনা প্রকাশ কৰিছে দলৈ মিশ্রই। লগতে তেওঁ কয়, ‘এইবাৰ নৱমীৰ মহাবলিৰ দিনটোত ১২টাকৈ ম’হ বলি হোৱাৰ লগতে ২৭টা ম’হ উছর্গা কৰা হ’ব। ইতিমধ্যে ভক্তসকলে পুজা পৰিচালনা সমিতিৰ লগত ইয়াৰ প্ৰাসংগিক সকলো ব্যৱস্থা চূড়ান্ত কৰি তুলিছে।’ ইপিনে, উক্ত বলিদান প্রক্রিয়া আৰম্ভ হ’ব পহিলা অক্টোবৰৰ পুৱা ৯-৪৫ বজাত। ইয়াৰ প্রথমটো বলি আগবঢ়াব পূজা পৰিচালনা সমিতিয়ে। আনহাতে, এই বলি প্রক্রিয় সমাপন কৰিব ৩০জনকৈ দাৱালে। তদুপৰি সৰু-বৰ ২১খনকৈ দা সাজু কৰি ৰখা হৈছে। উক্ত দামুহৰ ভিতৰত মূল দাখনৰ ওজন ৬.৫০ কিলোগ্রাম বুলি সদৰী কৰিছে পূজা পৰিচালনা সমিতিয়ে।
# কাশীৰ পণ্ডিতৰে প্ৰথমবাৰলৈ আৰতি
বিল্বেশ্বৰ দেৱালয়ৰ দুর্গা পূজাত এইবাৰ প্ৰথমবাৰলৈ আৰতি অনুষ্ঠান পৰিচালনা কৰিছে কাশীৰ পণ্ডিতে পাঁচজনকৈ পণ্ডিতে প্রথমবাৰলৈ অসমলৈ আহি বিল্বেশ্বৰ দেৱালয়তা আৰতি অনুষ্ঠান পৰিৱেশন কৰিছে। উক্ত আৰতি দলটোত আছে নীতেশ পাণ্ডে, প্রিয়াংশু ডুবে, বেদান্ত পান্ডে, সুগেন্ধজী আৰু কনিষ্ক জী। ইয়াৰ নীতেশ পাণ্ডেই ‘দৈনিক অগ্রদূত’ক এই বুলি জনায়, ‘আমি অসমলৈ প্ৰথমবাৰৰ বাবে আৰতি অনুষ্ঠানৰ বাবে আহিছো। প্রথমবাৰলৈ আহিয়ে আমি বিল্বেশ্বৰ দেৱালয়ত আৰতি পৰিৱেশন কৰিছো। ইয়াৰ পৰিৱেশ বৰ ভাল লাগিছে। আমি বাহিৰলৈ যোৱা নাই। কিন্তু মন্দিৰ চৌহদতে যিখিনি মানুহ লগ পাইছো, বৰ লাগিছে।’ ইপিনে, দুর্গা পূজা পৰিচালনা সমিতি আৰু বিল্বেশ্বৰ দেৱালয় পৰিচালনা সমিতিয়ে প্রকাশ কৰা মতে, প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কাশীৰ পণ্ডিতৰ আৰতি প্রদর্শনে ভক্তগণক আকর্ষণ কৰিছে।






























