Zubeen Khetra: সমন্বয়থলী হৈ পৰিল জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ

samadhi khetra

Zubeen Khetra:

সৰ্বধৰ্ম প্ৰাৰ্থনাৰে জুবিনৰ সমাধিক্ষেত্ৰত লোকাৰণ্য পৰিৱেশত সম্পন্ন আদ্যশ্রাদ্ধ ৰাজ্যৰ প্রান্তে প্রান্তে কালি অনুষ্ঠিত হয় জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্রাদ্ধ। মহানগৰীৰ কাহিলীপাৰাৰ বাসগৃহত পৰিয়ালে আয়োজন কৰা আদ্যশ্রাদ্ধৰ সমান্তৰালভাৱে মহানগৰীৰ আন বহুকেইটা স্থানত স্থানীয় ৰাইজে ৰাজহ্বাভাবে আদ্যশ্রাদ্ধ আয়োজন কৰে। উল্লেখ্য যে বেলতলা বহাগী উৎসৱ সমিতিয়ে সম্পূর্ণ বৈদিক ৰীতি-নীতিৰে আদ্যশ্রাদ্ধ অনুষ্ঠিত কৰি আগন্তুক বৰ্ষত জুবিনবিহীন বহাগী উৎসৱ অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্রহণ কৰে। সমান্তৰালকৈ সোণাপুৰৰ হাতীমূৰাস্থিত জুবিনৰ সমাধিক্ষেত্ৰতো ডিমৰীয়াবাসীয়ে উমৈহতীয়াভাবে আয়োজন কৰে আদ্যশ্রাদ্ধ। লগতে প্রিয় শিল্পীজনৰ আত্মাৰ সদগতি আৰু ন্যায়াৰ দাবীৰে সৰ্বধর্ম প্রার্থনা সভা অনুষ্ঠিত কৰে।
উল্লেখ্য যে মহাসপ্তমী দিনটোত পূজা পৰিহাৰ কৰি প্রিয় শিল্পীজনৰ সুবাস বিচাৰি অজস্ৰজন অনুৰাগী ঢপলিয়াই আহে সোণাপুৰৰ সমাধিস্থলীলৈ। পুৱাৰে পৰা দুপৰ নিশালৈ অগণিত অনুৰাগী তথা গুণমুগ্ধই প্রিয় শিল্পীগৰাকীৰ শেষ ঠিকনাস্থলীত সমবেত হৈ অশ্রুসিক্ত নয়নৰে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইফালে, জুবিনৰ সমাধিক্ষেত্ৰ নাৰ্জি ফুলেৰে সজাই তোলা হয়। বিভিন্ন জিলাৰ পৰা অহা অনুৰাগীসকলে সমাধিক্ষেত্রস্থলীত উপস্থিত হৈ চাকি-বন্তি জ্বলাই কোনোৱে যদি হুকহুকাই কান্দি উঠে, আন কোনোৱে মৰমৰ শিল্পীজনক জাপি, গামোচাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ‘জুবিন দা অমৰ হওঁক, আমি তোমাৰ গীত-মাত জীয়াই ৰাখিম’ শীর্ষক শ্ল’গানৰে একপ্ৰকাৰ মুখৰিত হৈ পৰে সমাধিক্ষেত্ৰৰ চৌপাশ। একেদৰে কোনোৱে যদি প্রিয় শিল্পীগৰাকীৰ সমাধিত ‘জয় জুবিন দা’ লিখা গামোচা আঁৰি দিছে, কোনোৱে সমাধিৰ কাষতে প্রিয় শিল্পীগৰাকীৰ প্ৰিয় নাহৰৰ পুলি ৰোপণ কৰিছে। কোনোৱে আকৌ ‘মায়াবিনী ৰাতিৰ বুকুত’ গীত গাই জুবিনৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনায়।
উল্লেখ্য যে শেষকৃত্যৰ এঘাৰ দিনটোত সমাধিক্ষেত্ৰলৈ শিশুৰ পৰা বৃদ্ধলৈকে ব্যাপক হাৰত অনুৰাগীৰ সোঁত বয়। লগতে সমাধিক্ষেত্রত পুৱাৰে পৰা সন্ধিয়ালৈ চলা ভাগৱত পাঠ, নাম-প্রসংগ আদিয়ে সমগ্র চৌপাশ বৈকুণ্ঠপুৰীলৈ পর্যবসিত কৰে। ইফালে, আজি প্রিয় শিল্পীগৰাকীৰ আদ্যশ্রাদ্ধ উপলক্ষে সমাধিক্ষেত্রত অনুষ্ঠিত হয় সর্বধর্ম প্রার্থনা। হিন্দু, ইছলাম, বৌদ্ধ, খৃষ্টান লগতে কার্বি, বড়ো, তিৱা জনজাতীয় ধৰ্মপ্ৰণ ৰাইজে নিজস্ব পৰম্পৰাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদ্‌গতিৰ কামনাৰে নেদেখাজনৰ ওচৰত উমৈহতীয়াভাবে প্রার্থনা জনোৱাৰ উপৰি প্ৰিয় শিল্পীগৰাকীৰ আকস্মিক বিয়োগৰ সন্দৰ্ভত তদন্ত ক্ষীপ্ৰতৰ কৰি ন্যায় প্রদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। জাতি-বর্ণ- ধর্ম নির্বিশেষে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ অনুৰাগীয়ে প্রিয় শিল্পীজনাক এনেদৰে শেষ শ্রদ্ধাঞ্জলি যাচি সমাধিক্ষেত্রক এক সমন্বয়থলীলৈ ৰূপান্তৰ কৰে।
Exit mobile version