আৰ এছ এছ ৰ শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে ১০০ টকীয়া মুদ্ৰা আৰু ডাক টিকট

RSS:✒️বুধবাৰে আৰ এছ এছ ৰ শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰে বিশেষ মুদ্ৰা আৰু ডাক টিকট। উল্লেখ্য যে বুধবাৰে অনুষ্ঠিত হোৱা আৰ এছ এছৰ শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অনুষ্ঠানত উপস্থিত থাকি তেওঁ ১০০ টকীয়া মুদ্ৰা আৰু ডাক টিকট উন্মোচন কৰে।

১০০ টকীয়া এই মুদ্ৰাটোৰ এফালে জাতীয় প্ৰতীক, আনটো ফালে সিংহৰ স’তে ভাৰত মাতাৰ প্ৰতিচ্ছবি আৰু শ্ৰদ্ধাৰে প্ৰণাম কৰা নিষ্ঠাবান স্বেচ্ছাসেৱকক স্থান দিয়া হৈছে।

মুদ্ৰা উন্মোচন কৰি মোদীয়ে কয়, সম্ভৱতঃ স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰত মাতাৰ ভাবমূৰ্তি ভাৰতীয় মুদ্ৰাৰ ওপৰত দেখুওৱা হৈছে। এই বিশেষ মুদ্ৰাটোত আৰ এছ এছৰ মন্ত্ৰ, “ৰাষ্ট্ৰ সাহা, ইদাম ৰাষ্ট্ৰ, ইদাম না মম” অৰ্থাৎ “দেশৰ বাবে সকলো ত্যাগ কৰক, সকলো দেশৰ, একো মোৰ নহয়” বুলি উল্লেখ আছে।

Exit mobile version