Bijoya Dasami:
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ বিহীন দুৰ্গা পূজা ৰাজ্যজুৰি জাকজমকতাহীনভাৱে আজি অন্ত পৰিব ৷ ষষ্ঠীৰ দেৱী প্ৰতিষ্ঠাৰ পৰা আজি দশমীলৈকে প্ৰতিটো পূজা মণ্ডপত মাত্ৰ বৈদিক ৰীতিনীতি অনুসৰি মাংগলিক পূজা অৰ্চনা সম্পন্ন হয় ৷ক’তো পৰিলক্ষিত নহ’ল সাংস্কৃতিক অনুষ্ঠান। সকলো পূজা কমিটিয়ে পূজা মণ্ডপত জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জনায় ৷
চাৰিদিনৰ পূজা অৰ্চনাৰ অন্তত আজি অশ্রুসিক্ত নয়নেৰে দেৱী দুর্গা মাক বিদায় দিয়াৰ বাবে গুৱাহাটী সহ ৰাজ্যৰ সকলো ঠাইতে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে সংশ্লিষ্ট প্ৰশাসন ৷ বতৰে বিধি পঠালি দিছে যদিও মাংগলিক ৰীতিনীতি অনুসৰি দেৱীক বিসৰ্জনৰ বাবে সাজু হৈছে পূজা কমিটি সমূহ I
আনহাতে বৰাক উপত্যকাটো দুৰ্গা পূজা সফলতাৰে সম্পন্ন হয় ৷ কাছাৰ জিলাৰ সদৰ শিলচৰত পুৱাৰে পৰা আৰম্ভ হৈছে দেৱীক বিসর্জন দিয়াৰ প্ৰক্ৰিয়া। প্ৰতিখন পূজা কমিটিয়ে দেৱীৰ প্ৰতিমা বাহনত উঠাই আনি নাচি- বাগি বিসৰ্জনৰ বাবে নৈ ঘাটলৈ লৈ আনে ৷ বিসৰ্জনস্থলীত উপস্থিত থকা শিলচৰ পৌৰ নিগম আৰু এছডিআৰএফৰ জোৱানে প্ৰতিমা সমূহ নৈৰ বুকুত বিসৰ্জন দিয়ে ৷
ADVERTISEMENT






























