Dispur Police:
দিছপুৰ থানাত ৰজু হোৱা এক গোচৰত থানাত বৃহস্পতিবাৰে হাজিৰ হয় কন্ঠশিল্পী নীলোৎপল বৰা ৷ উল্লেখ্য যে জুবিন গাৰ্গৰ বাসগৃহত সাংবাদিকৰ কেমেৰা ভঙাৰ বাবে উচতনি দিয়া বুলি নীলোৎপল বৰাৰ বিৰুদ্ধে অভিযোগ কৰিছিল কৰ্তব্যৰত সাংবাদিকে ৷ আনকি গুৱাহাটী যুৱ সাংবাদিক সমাজে কন্ঠশিল্পী জনৰ বিৰুদ্ধে দিছপুৰ থানাত ৰজু কৰিছিল গোচৰ ৷ যাৰবাবে দিছপুৰ আৰক্ষীয়ে নীলোৎপলক থানাত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰিছিল ৷ সেইমৰ্মে আজি কন্ঠ শিল্পী গৰাকীয়ে থানাত হাজিৰ হৈ নিজৰ ভাষ্য প্ৰদান কৰে ৷
ADVERTISEMENT






























