দেশত ২০ বছৰত শিশুৰ বিৰুদ্ধে ১০ গুণ বৃদ্ধি অপৰাধ

IMG TH08 Human iStock 11 2 1 6OA8ELOC

Crime:✒️ভাৰতত সুৰক্ষিত নহয় শিশু, কিয়নো দেশত বৃদ্ধি পাইছে শিশুৰ বিৰুদ্ধে অপৰাধ। যোৱা ২০ বছৰত শিশুৰ বিৰুদ্ধে দেশত অপৰাধৰ ঘটনা প্রায় ১০ গুণ বৃদ্ধি পালে।

২০২৩ বৰ্ষত দেশত শিশুৰ বিৰুদ্ধে অপৰাধৰ ঘটনা আছিল এক লাখ ৭৭ হেজাব ৩৩৫টা। নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ (এনচিআৰবি)ৰ শেহতীয়া প্রতিবেদনত এই তথ্য প্রকাশ পালে।

এনচিআৰবিৰ তথ্য অনুসৰি ২০২৩ বৰ্ষত দেশত প্রতি তিনি মিনিটত শিশুৰ বিৰুদ্ধে এটাকৈ অপৰাধ সংঘটিত হৈছিল। ২০২২ৰ তুলনাত শিশুৰ বিৰুদ্ধে অপৰাধৰ ঘটনা ২০২৩৩ ৯.১৬ শতাংশ বৃদ্ধি পালে।

২০০৫ত দেশত শিশুৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা ১৮,৭০০ টা। ২০১২-১৩ৰ পৰা দেশত শিশুৰ বিরুদ্ধে অপৰাধৰ ঘটনা বৃদ্ধি অব্যাহত থাকিলেও ক’ভিডৰ সময়ত কিছু হ্রাস পাইছিল। কিন্তু ২০২৩ত পুনৰ এই সংখ্যা বৃদ্ধিৰে এক লাখ ৭৭ হেজাৰ ৩৩৫টা হ’ল।

Exit mobile version