মৃত্যুৰ বাবে প্রয়োজনীয় বয়স নাই, বাচিব পাৰে অনন্তকাল

পৃথিৱীৰ একমাত্ৰ 'অমৰ' প্ৰাণীৰ সন্ধান পালে বিজ্ঞানীয়ে

Turritopsis rubra 10893106

OLYMPUS DIGITAL CAMERA

Turritopsis rubra:✒️প্রত্যেক জীৱৰে মৃত্যু অনিবার্য। মৃত্যু ঠিক কেতিয়া বা কিদৰে আহিব, সেয়া আমি কোনেও নাজানো। যেতিয়া যিদৰেই আহক কিয়, মৃত্যু এদিন আহিবই। অৱশ্যে পৃথিবীত জন্ম ল’লে মৃত্যুও যে এটা সময়ত অৱধাৰিত, সেই ধাৰণাকো যেন মিছা প্রমাণিত কৰিলে এবিধ সামুদ্রিক প্রাণীয়ে।

আমাৰ প্ৰকৃতিতে আছে এনে এবিধ আশ্চৰ্যকৰ প্ৰাণী, যাৰ ‘অমৰ’ হৈ উঠাৰ ক্ষমতা সম্প্রতি একাংশ বিজ্ঞানীৰ দৃষ্টিত ধৰা পৰিছে। স্বাভাৱিক মৃত্যুৰ কোনো প্ৰকাৰৰ আশংকাই দেখা দিলেই এই প্রাণীবিধে বাৰ্ধক্যৰ বিপৰীত পথ গ্ৰহণ কৰে।

পৃথিৱীৰ একমাত্র ‘চিৰজীৱী’ প্রাণী হৈছে টাৰিটোপছিছ ডোৰনি;যাক বিজ্ঞানীয়ে বেকবার্ড এজিং জেলীফিছ বুলিও কয়। আচলতে জেলীফিছৰ জীৱন আৰম্ভ হয় ক্ষুদ্ৰ পলিপ অর্থাৎ শৈশব অবস্থারূপে, তাৰ পাছত লাহে লাহে পূর্ণবয়স্ক মেডুছা ৰূপ লয়। আন প্রাণীবোৰে এই মেডুছা স্তৰ অতিক্ৰম কৰিলে এটা সময়ত বার্ধক্য আৰু মৃত্যু আহে; কিন্তু টাৰিটোপছিছ ডোৰনিৰ ক্ষেত্ৰত সেয়া পৃথক হয়।

বিপদত পৰিলেই এই প্রাণীবিধে নিজৰ বয়সক ওলোটাই দি আকৌ শৈশৱৰ পর্যায়লৈ উভতি যায়। যেন এজন প্রাপ্তবয়স্ক মানুহ হঠাৎ পুনৰ শিশু হৈ পৰিল। এই প্রক্রিয়াক কোৱা হয় ‘লাইফ চার্কোল বিভাৰ্ছেল’। এই সময়ত জেলীফিছৰ শৰীৰত ঘটি যায় ‘ট্রান্সডিফাৰেন্সিয়েচন’ নামৰ এক আশ্চর্য চেলুলাৰ পৰিবৰ্তন।ইয়াত বিশেষায়িত কোষে নিজৰ ধৰণ সলনি কৰি আন ধৰণৰ কোষৰ ৰূপ লয় তথা শৰীৰে পুনৰ নৱজীবন পায়।

অৱশ্যে এই বিষয়ত বিজ্ঞানীসকলৰ মাজত মত পার্থক্য আছে। একাংশ বিজ্ঞানীয়ে এইবিধ প্রাণীক সম্পূর্ণরূপে ‘অমৰ’ বুলি ভবাটো ভুল বুলি গণ্য কৰে। তেওঁলোকৰ মতে, প্রকৃতিত চিকাৰী প্ৰাণীৰ আক্ৰমণ, ৰোগ অথবা পৰিৱেশগত দুৰ্যোগৰ ফত ইহঁতৰ মৃত্যু ঘটিব পাৰে। অৱশ্যে বয়সজনিত মৃত্যুৰ পৰা এই প্রাণীয়ে ৰক্ষা পায়, যিটো আন কোনো প্রাণীৰ বাবে সম্ভৱ নহয়।

এই ক্ষমতায়েই এই প্রাণীবিধৰ প্ৰতি বিজ্ঞানীসকলৰ মনত কৌতূহলৰ সৃষ্টি কৰিছে।সহজ কথাত ক’বলৈ হ’লে, সামুদ্রিক জগতত লুকাই থকা এই ক্ষুদ্র আকাৰৰ জেলীফিছেই এই পৰ্যন্ত পৃথিৱীত আবিষ্কৃত একমাত্র প্রাণী, যি বয়সক বিপৰীত দিশে নি কাৰ্যতঃ ‘অমৰত্ব’ৰ অধিকাৰী হ’ব পাৰে। গৱেষকসকলে ধাৰণা কৰিছে যে টাৰিটোপছিছ ডোৰনিৰ ৰহস্য উদ্‌ঘাটন কৰিলে হয়তো এদিন মানুহৰ বাৰ্ধক্য প্ৰতিৰোধ বা বয়স-সম্পর্কিত ৰোগ প্ৰতিৰোধ কৰাটো সম্ভৱ হ’ব পাৰে। কোষ পুনৰুজ্জীবনৰ এই ৰহস্যই চিকিৎসা, জেনেটিক গৱেষণা আৰু দীর্ঘায়ুৰ ভৱিষ্যতক লৈ নতুন পথ দেখুৱাইছে।

Exit mobile version