Murder Incident:
কিমান নৃশংস হ’ব পাৰে মানুহ ৷ পূজা মণ্ডপত জুবিন গান বজাবলৈ কোৱাৰ বাবে দলবদ্ধ আক্ৰমণৰ সন্মুখীন হ’ল এজন জুবিন অনুৰাগী ৷ সংকটজনক অৱস্থাত চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয় দুৰ্ভগীয়া যুৱকজন ৷
মহানগৰীৰ বামুনিমৈদামৰ ৰে’লৱে কলনীত সংঘটিত হয় এই ভয়ংকৰ ঘটনা ৷ বৃহস্পতিবাৰে মহাদশমীৰ আনন্দ উছাহৰ মাজত বামুনিমৈদামৰ ৰে’লৱে কলনীৰ এটি দুৰ্গা মণ্ডপত নাচি থকা অবিনাশ ৰজক(২৬) নামৰ যুৱকজনে জুবিন গাৰ্গৰ গীত বজাবলৈ অনুৰোধ কৰিছিল। কিন্ত অবিনাশৰ দাবীত খড়গগ্ৰস্ত হৈ সুৰজিত সৰকাৰ আৰু ৰাতুল বৰাৰ নামৰ দুই যুৱকৰ নেতৃত্বত প্ৰায় কুৰিজনীয়া উদণ্ড যুৱকৰ দলে অবিনাশক মাটিত পেলাই গুৰুলা-গুৰুলকৈ প্ৰহাৰ ৷ দলবদ্ধ আক্ৰমণত লেবেজান হৈ পকা অবিনাশক সংকটজনক অৱস্থাত ততাতৈয়াকৈ ভৰ্তি কৰা হয় গীতানগৰৰ কেজিএমটি হাস্পতালত ৷ কিন্ত ভৰ্তি কৰাৰ কিছু সময়ৰ পিছতে কৰুণ মৃত্যুক সাৱটি লয় জুবিন অনুৰাগীজনে ৷
এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ দশমী আনন্দ উছাহ তৎ মুহূৰ্তত বিষাদলৈ পৰিণত হয় । স্থানীয় ৰাইজ ক্ষোভ আৰু শোকত ভাগি পৰে ৷ আনহাতে অবিনাশৰ দুৰ্ভগীয়া পৰিয়ালে ঘটনা সন্দৰ্ভত চানমাৰি থানাত এজাহাৰ দাখিল কৰিছেl চানমাৰি আৰক্ষীয়ে নৃশংস কাণ্ড সংঘটিত কৰা যুৱকৰ দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷
