Tatto:✒️পৃথিবীৰ বিভিন্ন দেশত টাটু অত্যন্ত জনপ্রিয়। শৰীৰৰ বিভিন্ন অংগত বহুতেই নানা ধৰণৰ নক্সা অংকন কৰায়। কিছু সম্প্ৰদায়ৰ মাজত প্রাচীন পৰম্পৰাগতভাৱেই টাটুৰ প্ৰচলন আছে। আকৌ আধুনিক বিশ্বত টাটু হৈ পৰিছে ফেশ্বনৰ অন্যতম অংগ।
সাধাৰণতে মানুহে হাত অথবা পিঠিত বেছিকৈ টাটু কৰায়। অৱশ্যে ভৰি, পেট, ডিঙি আদিতো বহুতে টাটু কৰোৱা দেখা যায়; কিন্তু দাঁতত টাটু! বিষয়টোন ইমানদিনে অকল্পনীয়ই আছিল। যদিও সম্প্রতি চীনৰ যুৱ প্ৰজন্মৰ মাজত ব্যাপক ৰূপত জনপ্রিয় হৈ পৰিছে এই ‘ট্রেন্ড’।
দাঁতত টাটু কৰাবলৈ সম্প্রতি উঠিপৰি লাগিছে চীনৰ যুৱ সমাজৰ এক গৰিষ্ঠ অংশই।সচৰাচৰ শৰীৰত বেজিৰে ফুটা কৰি টাটু বনোৱা হয়।
অৱশ্যে দাঁতৰ টাটুৰ ক্ষেত্ৰত বেজি ব্যৱহাৰ নহয়। ইয়াৰ বাবে পোৱা গৈছে বিশেষ কেপ। তাকেই দাঁতত লগাবলৈ লৈছে বহুতে। তাত অংকিত থাকে বিভিন্ন নক্সা।
টাটুপ্রেমীসকলে পছন্দৰ কেপ ক্রয় কৰে। হাস্পতাল তথা বিভিন্ন ডেন্টেল ক্লিনিকে এই ক্ষেত্রত বিশেষ ৰেহাই দিবলৈ লৈছে। এখন ব্যক্তিগত হাস্পতালৰ বিজ্ঞাপনত লিখা হৈছে, ‘আমাৰ দাঁতৰ কেপটবোৰ থ্রী ডি প্রিন্ট কৰা। অৱশ্যে এইবোৰে দাঁতৰ কোনো সমস্যা নকৰিব।’
এই সম্পৰ্কত হাস্পতালখনৰ এজন কর্মচাৰীয়ে কয়, ‘এই বছৰৰ আৰম্ভণিতে দাঁতৰ টাটুৰ বিষয়টো আৰম্ভ হৈছে। বহুতেই তেওঁলোকৰ পছন্দৰ নক্সা লোৱাৰ বাবে আমাৰ প্ৰতিষ্ঠানলৈ আহিছে।’
প্রাপ্ত তথ্য অনুসৰি,দাঁতৰ টাটু কৰোৱাৰ বাবে ব্যয় হয় প্রায় দুহেজাৰ ইউয়ান বা প্রায় ২৮০ মার্কিন ডলাৰ। চীনৰ পূব শ্বেনডং প্ৰদেশৰ জিনানৰ এগৰাকী মহিলাই কয়, ‘দাঁতত টাটু কৰাবলৈ ভালেই লাগিছে। মই ‘শ্বেন’ শব্দৰে টাটু কৰাইছো। চীনা ভাষাত ইয়াৰ অৰ্থ হৈছে- সাৱধান।’
দাঁতৰ টাটু আগন্তুক দিনত চীনৰ পৰা কৰ’নাৰ দবে সমগ্র বিশ্বত বিয়পি পৰিব নে নাই, সেয়া সময়েহে ক’ব। অৱশ্যে এই প্রৱণতাই আচলতে দাঁতৰ ক্ষতি কৰিছে বুলিয়ে বহু চিকিৎসকে দাবী কৰিছে। এজন দন্ত চিকিৎসকে কয়, ‘কেপটোৰ পৰা কম-বেছি পৰিমাণে ক্ষতি হ’বই। মই টাটু কৰাবলৈ মানাহে কৰিম।’
