য়ট যাত্ৰাৰ সময়তে পৰিকল্পিতভাৱে বিহপান কৰাই জুবিন গাৰ্গক হত্যা!

outspoken

Zubeen Garg:✒️জুবিন গাৰ্গক হত্যাৰ সন্দেহত বিশেষ তদন্তকাৰী গোটে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ইয়াকে লৈ চর্চা চলি থকাৰ মাজতে বিহপান কৰাই অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীক হত্যা কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহে।

বিশেষ তদন্তকাৰী গোট (এছআইটি)ৰ জেৰাত ধৃত বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীয়ে এই কথা সদৰী কৰিছে বুলি প্রকাশ পাইছে। জুবিনৰ অন্যতম ঘনিষ্ঠৰূপে পৰিচিত বাদ্যযন্ত্রী শেখৰে এই অভিযোগ আনিছে প্রয়াত শিল্পীগৰাকীৰ ছাঁৰ দৰে লাগি থকা মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে।

সূত্ৰত প্রকাশ যে বিহ পান কৰাই হত্যা কৰাৰ ষড়যন্ত্ৰ ৰূপায়ণ কৰিবলৈকে সিদ্ধার্থই অসুস্থ জুবিনক ছিংগাপুৰলৈ নিছিল। শ্যামকানু মহন্তৰ উদ্যোগত ছিংগাপুৰত অনুষ্ঠিত নর্থ-ইষ্ট ফেষ্টিভেললৈ জুবিনে যাব বিচৰা নাছিল।

তাৰ পৰিৱৰ্তে যোৱা ১৮ ছেপ্টেম্বৰত ডিব্ৰুগড়লৈহে যোৱাৰ কথা আছিল শিল্পীগৰাকী; কিন্তু শ্যামকানু মহন্তৰ হেঁচা আৰু সিদ্ধাৰ্থৰ সহযোগত ১৭ ছেপ্টেম্বৰত জুবিন ছিংগাপুৰলৈ যাবলৈ বাধ্য হৈছিল।

শেখৰজ্যোতিৰ ভাষ্য অনুসৰি, অতি পৰিকল্পিতভাৱে জুবিনক বিহ খুৱাই দিছিল সিদ্ধার্থই। উল্লেখ্য যে য়টত উঠি ছিংগাপুৰৰ সাগৰলৈ যোৱা, সাগৰত জুবিনসহ শেখৰ, সিদ্ধার্থ, জুবিনৰ সম্পৰ্কীয় ভ্রাতৃ সন্দীপন গাৰ্গ আদিয়ে সাঁতুৰি থকা টুকুৰা টুকুৰ ভিডিঅ’ ইতিমধ্যে প্ৰচাৰ হৈছে।

তাত অসুস্থ জুবিনক পানীত নামিবলৈ সিদ্ধার্থই প্ৰৰোচিত কৰাৰো তথ্য উদ্ধাৰ হৈছে বুলি সূত্রত প্রকাশ। তাৰ পূৰ্বে জুবিনক সিদ্ধার্থই কৌশলৰে বিহ পান কৰাইছিল নেকি?

ইপিনে, এছআইটিয়ে আজি তলব কৰিছে জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈক। তদুপৰি তলব কৰা হৈছে গুৱাহাটীৰ এটা বৈদ্যুতিন মাধ্যমৰ দিল্লীত কৰ্মৰত সাংবাদিক স্বাৰস্বত গোস্বামীক। উল্লেখ্য যে বৰদলৈ আৰু গোস্বামী নর্থ-ইষ্ট ফেষ্টিভেললৈ গৈছিল। জুবিন গাৰ্গৰ মৃত্যুক লৈ অসম উত্তাল হৈ থকাৰ সময়তে গোস্বামীয়ে আত্মপক্ষ সমর্থন কৰিব পৰাকৈ শ্যামকানু মহন্তৰ সাক্ষাৎকাৰ লৈ প্ৰচাৰো কৰিছিল।

Exit mobile version